Raid against Fake currency: ৰাজ্যত পুনৰ জব্দ বৃহৎ পৰিমাণৰ জাল নোট
নিউজ ডেস্ক, ২৬ছেপ্টেম্বৰ : অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী । ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিদিনে আৰক্ষীয়ে চলাই আছে অভিযান । সমান্তৰালকৈ লক্ষিমপুৰত আৰক্ষীয়ে দিনে নিশাই চলাই আছে অপৰাধীৰ বিৰুদ্ধে অভিযান । পুনৰ লখিমপুৰৰ আৰক্ষীৰ অভিযান । লখিমপুৰৰ বঙালমৰাত অপৰাধীৰ ঘাটিত আনন্দ মিশ্ৰ (Anand Mishra) বাহিনীৰ অভিযান। সোমবাৰে নিশা লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত বঙালমৰা মিৰি গাঁৱত চলিল আৰক্ষীৰ অভিযান(Fake notes over 20 lakh busted in massive police raid in Lakhimpur, businessman arrested)।
আৰক্ষীৰ অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোট । ২০ লক্ষাধিক জাল নোটৰ সৈতে এটা ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সোমবাৰে নিশা বঙালমৰাৰ ১ নং আহমেদপুৰৰ ইমদাদুল ইছলামৰ নামৰ লোকজনৰ ঘৰত অভিযান চলাই জালনোট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে(Raid against Fake currency)।
জানিব পৰা মতে, গুলজাৰ হুছেইন, ৰিয়াজুল ইছলাম আৰু ফাইজুল ইছলামৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে।
উল্লেখ্য যে,এটা পানীৰ টেংকীৰ পৰা বঙালমৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোটখিনি । ইফালে বঙালমৰা আৰক্ষীয়ে নিশা বঙালমৰা অভিযান চলোৱাৰ উমান পাই পলায়ন কৰে গুলজাৰ হুছেইন, ৰিয়াজুল ইছলাম আৰু ফাইজুল ইছলাম(Fake notes over 20 lakh busted in massive police raid in Lakhimpur)।
সোমবাৰে নিশাই ২ নং সোনাপুৰৰ পৰা কৰায়ত্ত কৰে আন এটা জাল নোট ব্যৱসায়ী ছাহজাহান আলীক । জানিব পৰা মতে, ইমদাদুল, ৰিয়াজুল, ফাইজুল, আৰু গুলজাৰ আৰু তেওঁলোকৰ দলটোৱে গোপনে গুৱাহাটীত জাল নোট ব্যৱসায় কৰি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।
আনন্দ মিশ্ৰৰ নিৰ্দেশৰ পিছতেই সোমবাৰে নিশা চলিছিল ধাৰাবাহিক অভিযান । এই দলটোক উৎখাত কৰিবলৈ বৰ্তমানো বিহপুৰীয়া, বঙালমৰা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :Sarthebari Protest : দবা-কাঁহ বাজি হ’ব প্ৰতিবাদ, শুনাব দিছপুৰীয়াক