Former Assam Minister Sarat Barkataki Passes Away : প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান
নিউজ ডেস্ক, ৩০অক্টোবৰ : প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান । ৩০অক্টোবৰ নিশা ১.৩৬ বজাত শেষ নিশ্বাস ত্য়াগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । ৮৮ বছৰত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিক শৰৎ বৰকটকীয়ে(Former Assam Minister Sarat Barkataki Passes Away)।
১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন অৱস্থাত আছিল শৰৎ বৰকটকী। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শিক্ষা লোকনিৰ্মাণকে ধৰি কেইবাটাও দপ্তৰৰ মন্ত্রী আছিল তেওঁ।
এই খবৰে এতিয়া শোকৰ ছা পেলাইছে ৰাজ্যত । মৃত্যুৰ পূৰ্বে তেওঁ নেত্ৰ দান কৰি থৈ গৈছিল(Veteran Congress leader Sarat Barkataki) ।
প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে GMCHত চিকিৎসাধীন হৈ থকাৰ সময়ত মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পাতালত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
উল্লেখ্য যে, ১৯৯১ চনত প্ৰথমবাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হৈছিল তেওঁ। তাৰ পাছত ১৯৯৬, ২০০১,২০০৬ আৰু ২০১১ চনতো সোণাৰিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ। ৫ বাৰকৈ সোণাৰি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল বৰকটকীয়ে। হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ কাৰ্যকালত ৰাজ্য বিভাগৰ কেইবাটাও দপ্তৰ চম্ভালিছিল তেওঁ ।
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যৰ লগতে সোণাৰিবাসীৰ মাজতো শোকৰ ছা পেলাইছে।