Local, Vocal, Global

Sand mining at Boko : বকোত বালি মাফিয়াৰ দৌৰাত্ম্য;বালি মাফিয়াৰ আক্ৰমণত আহত যুৱক

বকো,২৭মে’ : ৰাজ্যৰ পৰা অবৈধ কাৰবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতো ৰাজ্যত বন্ধ হোৱা নাই অবৈধ কাৰবাৰ ৷ ড্ৰাগছ, কয়লাৰ পৰা আৰম্ভ কৰি গৰু, সাৰ আদি চোৰাংভাৱে ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসন তথা আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰিছে ৷

কিন্তু ইমানৰ পিচত এইবাৰ ৰাজ্যত অবৈধভাৱে চলোৱা বালিখনন কাৰ্য আৰু বালি কঢ়িওৱা ট্ৰাকে অতিষ্ঠ কৰি তুলিছে স্থানীয় বাসিন্দাক ৷ বকোৰ চমৰীয়াত বালি মাফিয়াৰ দৌৰাত্ম্য। বালি মাফিয়াৰ আক্ৰমণত গুৰতৰভাৱে আহত এজন যুৱক(Sand mining at Boko) ।

বকোৰ ছমৰীয়াত অবৈধ বালি ব্যৱসায়ীৰ দপদপনি ৷ শিহুৰ বিচৰন স্থলিত একাংশ মাফিয়াই বন বিভাগৰ নিৰ্দেশনাক বুঢ়া আঙুলীদেখুয়াই দিনে নিশাই চলাই গৈছে বালি খনন ৷  বালি ব্যবসায়ীৰ আক্ৰমনত এজন গুৰুতৰ ভাবে আহত ৷ আহত যুৱক জনৰ নাম হল ৰাতুল মজুমদাৰ ৷ বালি সৰবৰাহত বাধা প্ৰদান কৰাত নিশা আক্ৰমন কৰে বালি মাফিয়াই ৷ আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও ভুক্ত ভোগীৰ এজাহাৰ লোৱাৰ বিপৰিতে আৰক্ষীয়ে নিজাকৈ এজাহাৰ লিখি ৰাহুল মজুমদাৰৰ চহী লোৱা অভিযোগ ৷ সম্প্ৰতি মুৰত ন টাকৈ চিলাই লৈ নিজৰ জীৱন সংকটত ভুগী আছে ৰাহল মজুমদাৰে৷
                                  
ইপানে চমৰীয়া আৰক্ষীয়ে বৰ্তমানলৈ অভিযুক্ত কোনো ব্যক্তিক আটক নকৰাৰ অভিযোগ। ছমৰীয়া শালমাৰা মৰাকলহী নৈত দিনে নিশাই অবৈধ ভাৱে বালি খনন চলি আহিছে৷ উচ্চ ন্যালয়ৰ নিৰ্দেশ মৰ্মে শিহুৰ বিচৰন স্থলি হৈছে এই মৰা কলহী নৈ ৷ এই নৈতে বন বিভাগৰ লোকৰ চকুত ধুলি দি এচাম লোকে চলাই গৈছে বালিৰ অবৈধ ব্যবসায় ৷ কিছুদিন পুৰ্বে বন বিভাগে মাইক যোগে ঘোষনা কৰিছিল বালি খনন বন্ধ কৰাৰ লগতে স্থানীয় ৰাইজক সজাগ হোৱাৰ বাবে ৷ তাৰ পৰিপেক্ষিতেই ৰাতুল মজুমদাৰে নিশা গোপনে বালি সৰবৰাহ কৰা কাৰ্যক বাধা প্ৰদান কৰাত আক্ৰমন কৰে বালি মাফিয়াই৷

উল্লেখ্য যে কিছুদিন পুৰ্বে এই কলহী নৈত বালি খননৰ ফলত মৃত্যু হৈছিল দুটাকৈ শিহুৰ।

লগতে পঢ়ক : The tragic story of a poor family : আমগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়াল