Local, Vocal, Global

Land centric clash : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত

সোণাপুৰ,২৭মে’ : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত । ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি(Land centric clash) । সোণাপুৰত এটুকুৰা মাটিক লৈ দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা ।

সোণাপুৰত ভূমি সংঘাত পালেগৈ আৰক্ষী থানা। ঘটনা সন্দৰ্ভত ভোক্তভূগীয়ে দাখিল কৰে এজাহাৰ।

এজাহাৰত উল্লেখ কৰা  অনুসৰি, সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰকুচি হাতীমুৰা গাৱৰ শশী সেখৰ বড়োৰ  ৩১০ আৰু ৩১৬ নং দাগৰ ৯৮ নং পট্ৰাৰ এক বিঘা একঠা  তিনি লেচা ভূমি আছিল। সেই মৰ্মে ২৫ মে’ ৰ দিনা আবেলি প্ৰায়  ৫-২০ মান বজাত শশী সেশৰ বড়োৱে  নিজৰ ভূমিত কাম কৰি থকা অৱস্থাতে একে গাঁৱৰে তপন কুমাৰ গগৈ নামৰ লোক জনে তেওঁৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰি কামত বাধা প্ৰদান কৰাই নহয় শশী শেখৰ বড়োক শাৰিৰীক ভাবে অপদস্ত কৰাৰো অভিযোগ উত্থাপন কৰে।

আনকি হাতত কোৰ লৈ খেদি আহি প্রানে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে শচী শেখৰ বড়োয়ে। যাৰ বাবে উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি শশী শেখৰ বড়োৱে সোণাপুৰ থানাত দাখিল কৰে এজাহাৰ।

লগতে পঢ়ক : Sand mining at Boko : বকোত বালি মাফিয়াৰ দৌৰাত্ম্য;বালি মাফিয়াৰ আক্ৰমণত আহত যুৱক