Local, Vocal, Global

আৰিয়ানৰ গোচৰৰ পৰা ৱাংখেড়েক অপসাৰণ

0 8

অভিনেতা শ্বাহৰুখ খানৰ পুত্র আৰিয়ান খানৰ ড্রাগ্ছৰ গোচৰৰ পৰা নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ (এনচিবি)ৰ তদন্তকাৰী বিষয়া সমীৰ ৱাংখেড়েক অপসাৰণ কৰা হৈছে ৷ আৰিয়ান খানৰ গোচৰৰ পৰা ৱাংখেড়েক অপসাৰণ কৰা বুলি আজি ঘোষণা কৰিছে এনচিবিয়ে ৷

স্মর্তব্য যে ৱাংখেড়েৰ বিৰুদ্ধে ৮ কোটি টকা উৎকোচ লোৱাকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছিল৷ ৱাংখেড়েক অপসাৰণ কৰাৰ পিছত এনচিবিৰ বিষয়া সঞ্জয় সিঙৰ নেতৃত্বত গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল৷ এই দলে আৰিয়ান খানৰ গোচৰৰ তদন্ত কৰিব ৷

স্মর্তব্য যে সমীৰ ৱাংখেড়েক লৈ মহাৰাষ্ট্রৰ মন্ত্রী নৱাব মালিকে বিভিন্ন বিস্ফোৰক অভিযোগ আনিছে৷ ইয়াৰ উপৰি এনচিবিৰ সাক্ষী প্রভাকৰ ছইলে সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ৮ কোটি টকা উৎকোচ লোৱাৰ অভিযোগ কৰিছে৷ শ্বাহৰুখ খানৰ পুত্র গ্রেপ্তাৰ হোৱাৰ পিছৰে পৰা এনচিবিৰ বিষয়াগৰাকীৰ বিৰুদ্ধে বিভিন্ন মহলে দুর্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

Leave A Reply

Your email address will not be published.