Local, Vocal, Global

Salery Hiked For MLA, Minister’s : বিধানসভা সচিবালয়ে গঠন কৰিলে চাৰিজনীয়া দৰমহা কমিটি

নিউজ ডেস্ক, ১০ জুলাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু নিত্য নতুন কৰ মাচুলৰ বোজাই সৰ্বসাধাৰণ লোকৰ জীৱন দুৰ্বিসহ কৰি তোলাৰ সময়তে ৰাজ্য চৰকাৰ তথা অসম বিধানসভাই তেওঁলোকক সকাহ দানৰ পদক্ষেপ লোৱাৰ সলনি বিধানসভাৰ অধ্যক্ষ -উপাধ্যক্ষ,বিৰোধী দলপতি,মুখ্যমন্ত্ৰী ,মুখ্যমন্ত্ৰীৰ সদস্য,চলিত আৰু প্ৰাক্তন বিধায়কসকলৰ দা-দৰমহা,পেন্সনসহ অন্যান্য সা-সুবিধা বৃদ্ধিৰ বাবেহে তৎপৰ হৈ উঠিছে।

সেইমৰ্মে ৰাজ্যৰ বিত্ত বিভাগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ সহমতৰ ভিত্তিতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশনা অনুসৰি অসম বিধানসভা সচিবালয়ৰ সচিব ডি পেগুৱে এখন চাৰিজনীয়া দৰমহা কমিটি গঠন কৰি দিছে।

সেই সকলোখিনি চালিজাৰি চাই কমিটিয়ে তুলনামূলকভাৱে নতুন দৰমহা গাঁথনি নিৰ্দিষ্ট কৰি প্ৰতিবেদন বিধানসভাৰ এমিনিচিজ কমিটীৰ ওচৰত দাখিল কৰিব আৰু সেই কমিটীয়ে বিশেষ বিষয়টো পৰীক্ষা কৰাৰ পিছত নতুন দৰমহা গাঁথনিৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰা হ’ব। বিধায়ক খন গৃহিত হলেই বিধানসভাৰ অধ্যক্ষ ,উপাধ্যক্ষ,বিৰোধী দলপতি,মুখ্যমন্ত্ৰী,মন্ত্ৰী-বিধায়ক আৰু প্ৰাক্তন বিধায়কসকলৰ দৰমহা পেন্সনসহ অন্যান্য সা-সুবিধা বৃদ্ধি পাব। (Salery Hiked For MLA, Minister’s)

উল্লেখ্য যে ৰাজ্যত শেষবাৰৰ বাবে যোৱা ২০১৮ চনত তেওঁলোকৰ দা-দৰমহা বৃদ্ধি পাইছিল আৰু পি পি বাৰ্মাৰ নেতৃত্বত গঠিত এক কমিটীৰ পৰামৰ্শৰ ভিত্তিত বিধানসভাত তাৰ বাবে বিধেয়ক উত্থাপন হৈছিল। ইয়াৰ ছবছৰৰ পিছত পুনৰ দা-দৰমহা বৃদ্ধিৰ পদক্ষেপ লোৱাটো তাৎপৰ্যপূৰ্ণ।

লগতে পঢ়কঃ Regarding PRC : পি আৰ চি প্ৰত্যাহাৰে বিঘ্নিত কৰিব থলুৱাৰ স্বাৰ্থ