পিতৃ- মাতৃ অবিহনে জীৱন পাৰ কৰিছে চাৰি কিশোৰে

ডবকাৰ ঘনীয়াৰপাৰত সংগঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ পিতৃ- মাতৃ অবিহনে অকলশৰীয়া হৈ জীৱন পাৰ কৰিছে চাৰি কিশোৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত আমবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ঘনীয়াৰপাৰ ১ নং ৱাৰ্ডৰ বাসিন্দা মৃত আলা উদ্দিনৰ পুত্ৰ ইকবাল হুছেইন ওৰফে বাবু আৰু তেওঁৰ পত্নীয়ে চাৰি গৰাকীকৈ পুত্ৰ সন্তানক এৰি গুচি যায়৷
প্ৰথম অৱস্থাত কিশোৰ কেইগৰাকীৰ মাতৃয়ে ইকবালৰ ঘৰৰ পৰা অন্য এজন পুৰুষৰ লগত প্ৰেমত লিপ্ত হৈ পলায়ন কৰে ৷ ইয়াৰ কেইদিনমান পিছতে ইকবাল হুছেইন ওৰফে বাবু নামৰ পাষান পিতৃও অন্য এগৰাকী মহিলাৰ লগত বিবাহ বাসত আৱদ্ধ হৈ কণ কণ শিশু সকলক অকলশৰীয়া কৰি ঘৰ বাৰী এৰি গুচি যায় ৷
কিশোৰ চাৰি গৰাকী বৰ্তমান আইতাৰ ওচৰত আছ যদিও আইতা গৰাকীয়ে পোহপাল দিয়াত বহুত কষ্টৰ সন্মুখীন হবলগীয়া হৈছে ৷
উপায়ন্তৰ হৈ আইতা গৰাকীৰ লগতে স্থানীয় সচেতন ব্যক্তি সকলে কিশোৰ চাৰি গৰাকীক পঢ়া-শুনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দল-সংগঠনৰ লগতে শিশু সুৰক্ষা আইনৰ বিষয়ববীয়া সকল লৈ কাতৰ অনুৰোধ জনায় ৷
লগতে এই পাষান পিতৃ-মাতৃক আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়