Local, Vocal, Global

এটি প্ৰায় ৭/৮মহীয়া কেচুৱাসহ এগৰাকী মহিলা

এটি প্ৰায় ৭/৮মহীয়া কেচুৱাসহ এগৰাকী মহিলা । গোলাঘাট নগৰৰ পদ পথত দিনে নিশাই পৰি থাকে মহিলা গৰাকী । সুন্দৰ সুঠাম চেহেৰা কেচুৱাটিৰ লগতে মাতৃ গৰাকীও । সন্দেহ কৰা অনুসৰি মানসিক ভাৰসাম্যহীন মহিলা গৰাকীয়ে  কোলাত কেচুৱাটি লৈ এনেদৰে পৰি থাকে পদপথত ।

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা মহামাৰীৰ এই ভয়াবহ সময়ত  অসুৰক্ষিত অবুজ সন্তানটিৰ লগতে মহিলা গৰাকী ।  কণমানি শিশুটিৰ সুৰক্ষা প্ৰদান কৰাৰ লগতে মাতৃ গৰাকীক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী গোলাঘাটবাসীৰ । জিলা প্ৰশাসন বা কোনো বে চৰকাৰী সংস্থা নতুবা হৃদয়বান লোক আগবাঢ়ি আহিবনে শিশুটিৰ লগতে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ ।