Local, Vocal, Global

এখন ঠেলাত এটি মৃতদেহ

ডবকাৰ যমুনামুখত সংগঠিত হৈছে এক হৃদয় কপোঁৱা ঘটনা। পথৰ দুৰৱস্থাৰ বাবে এখন ঠেলাত এটি মৃতদেহ। কানষাৰ নাই যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন  আজমলৰ ৷

 

কেতিয়া উন্নয়ন হব যমুনামুখৰ ? হোজাই জিলাৰ যমুনামুখত এক হৃদয় বিদাৰক ঘটনা। পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ঠেলাত কঢ়িয়ালে মৃতদেহ। এটা পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই মৃতদেহ কঢ়িয়াই নিলে এখন ঠেলাতে।

উল্লেখ্য যে হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তুৰ্গত যমুনামুখ কলেজ আৰু (চিকামাৰী), হোজাই সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক হাঁহাকাৰ লগাই আহিছিল। কিন্তু পথটোৰ মেৰামতিৰ বাবে সমষ্টিৰ পূৰ্বৰ বিধায়ক আব্দুৰ ৰহিম আজমলে কোনো ব্যৱস্থা হাতত লোৱা নাছিল। অতি জৰাৰ্জীণ পথটোৰে কোনো ধৰনৰ গাড়ী মটৰ চলাচল কৰাত অসুবিধাৰ সন্মুখিন হৈ আহিছিল। পথটোৰে এম্বুলেঞ্চ চলাচল নকৰাত বিপদত পৰিছে ৰোগী সকল।

আজি এটা নিৰুপাই পৰিয়ালে এটা মৃতদেহ ঠেলাত কঢ়িয়াই আনিব লগীয়া হয়। পথটোৰ এনে দুৰবস্থাৰ প্ৰতি কানসাৰ নাই   আজমল পৰিয়ালৰ। আনফালে য’ত ৱাৰ্ড সদস্যাৰ পৰা আৰম্ভ কৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য শাসকীয় B.J.P দলৰেই। এনে পৰিস্থিতিত ৰাইজে মাথো হুমুনিয়াহ কাঢ়ি দিন অতিবাহিত কৰিছে।