Local, Vocal, Global

ৰাছিয়াৰ পুনৰ বোমা নিক্ষেপ ইউক্ৰেইনত, গুলীবৰ্ষণত নিহত ৫ জন

নিউজ ডেক্স,৯ জুলাই : ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছে মহা ৰণ। এই যুদ্ধত লিপ্ত থকাৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ইউক্ৰেইন দেশ খন।

ইউক্ৰেইন আৰু ৰাছিয়াৰ এই যুদ্ধত সমগ্ৰ বিশ্বই ভাবুকিৰ সন্মুখীন হৈছিল এই যুদ্ধই তৃতীয় বিশ্ব যুদ্ধৰ সৃষ্টি কৰিব বুলিও আকাংক্ষা কৰিছিল বহুতে।

বৰ্তমানেও অন্ত পৰা নাই এই ভয়ংকৰ যুদ্ধৰ। ৰাছিয়াই পুনৰ ইউক্ৰেইনৰ Bakhmut আৰু Siversk in Donetsk Oblast নামৰ চহৰত বোমা নিক্ষেপ কৰে । এই আক্ৰমণত প্ৰায় ৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে এজন ১২ বছৰীয়া লৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

এতিয়ালৈকে দুয়োখন দেশৰ মাজত সংঘটিত হোৱা এই যুদ্ধত ইউক্ৰেইনৰ বহু নাগৰিক নিহত হৈছে, আনহাতে হাজাৰ হাজাৰ লোক আহত হৈছে।

এই যুদ্ধসন্দৰ্ভত দুয়োখন দেশৰ নিজা নিজা দাবী আছে। কিন্তু যিসকল নিৰ্দোষ তেওঁলোকৰ ঘৰবোৰ ধ্বংস কৰি আছে, এই যুদ্ধৰ বাবে বহুলোকে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে।