Local, Vocal, Global

কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেক্স, ৯ জুলাই : মৰণ ফান্দত পৰিণত হৈছে কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিদিনেই সংঘটিত হৈ আছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা। যোৱা কালি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা, দ’ খাৱৈত পৰি গৈছিল যাত্ৰীবাহী আল্ট্ৰা বাছ। 

পুনৰ শনিবাৰে পুৱতি নিশা কলিয়াবৰৰ বুঢ়াপাহাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা উফৰি গৈ দ’ খাৱৈত পৰিল ৪ আৰোহীসহ অল্ট-৮০০ বাহন । কথমপী প্ৰাণ ৰক্ষা এগৰাকী মহিলা সহ তিনি আৰোহীৰ ।

AS 21 F 1624 নম্বৰৰ অল্ট বাহন খনেৰে আজিজুৰ ৰহমান আৰু পত্নী-পুত্ৰৰ সৈতে পুৱতি নিশা প্ৰায় ৩ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বুঢ়াপাহাৰ চাহ বাগিছাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা দ-খাৱৈত সম্পূৰ্ণ ভাৱে সোমাই পৰে বাহন খন।

জনশূন‍্য এলেকাটোত সহায় বিচাৰি আৰ্তনাদ কৰিছিল যদিও কোনো লোক উপস্থিত নোহোৱাত পাছৰ দুৱাৰ খুলি কোনোমতে প্ৰাণ বচাই ওলাই আহিবলৈ সক্ষম হয় মহিলা সহ তিনি আৰোহী ।

পাছত কিছু আতৰত থকা কাজিৰঙাৰ কৰ্তব‍্যৰত বনকৰ্মী আহি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে পুৱা বাহনখন পাৰলৈ উঠাই অনাৰ ব‍্যৱস্থা কৰাৰ লগতে তিনিজনীয়া পৰিয়ালটো ঘৰলৈ যোৱাৰ ব‍্যৱস্থা কৰে ।