WATCH | Rupjyoti Kurmi : অখিল গগৈ মই আপোনাৰ ওচৰলৈ গৈ মাইক ভাঙি দিম। অই ফটুৱা তহঁতে কিয় কথা ক’বি…!’
নিউজ ডেস্ক,২২মাৰ্চ : অখিল গগৈ মই আপোনাৰ ওচৰলৈ গৈ মাইক ভাঙি দিম। অই ফটুৱা তহঁতে কিয় কথা ক’বি…!’
এয়া ৰাস্তাৰ মাজত কাজিয়াত লিপ্ত হোৱা কোনোবা গুণ্ডাৰ সংলাপ নহয় । এইয়া অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত বিধায়কৰ ভাষা। অসমবাসীয়ে কেতেয়াও নেদেখা ঘটনা সংঘটিত হল পবিত্ৰ বিধান সভাৰ মজিয়াত(Rupjyoti Kurmi)।
আচলতে হৈছিল কি ?
কিয় বিধায়ক ৰূপজ্যোতিয়ে কুৰ্মীয়ে খেদি খেদি গৈছিল । অসম বিধানসভাৰ বাজেট অধিৱেশনত শুকুৰবাৰে সদনত বক্তব্য আগবঢ়াই থাকেতেই হঠাতে খঙত নিয়ন্ত্ৰণহীন হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী । অসমৰ চাহ বাগিচাত বিজেপি চৰকাৰে উন্নয়ণৰ গংগা বোঁৱাইছে সেয়া প্ৰতিষ্ঠা কৰিবলৈ ৰূপজ্যোতি কুৰ্মীয়ে চাহ বাগিছাৰ ৰাস্তাৰ কথা ক’বলৈ গৈ উল্লেখ কৰিছিল ধোদৰ আলিৰ উন্নয়নৰ কথা । কিন্তু বিধায়ক ৰূপজ্যোতিয়ে বক্তব্য আগবঢ়াই থকাৰ সময়তে বিৰোধী বিধায়ক অখিল গগৈয়ে ধোদৰ আলিত যি ধৰণে উন্নয়ন হ’ব লাগিছিল তেনেধৰণৰ হোৱা নাই বুলি সোঁৱৰাই দিয়ে ।
অখিল গগৈৰ প্ৰতি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ প্ৰতিবাদ জনাই বিধায়ক শ্বেৰমান আলীয়ে। শ্বেৰমান আলীৰ মাত শুনিয়ে আৰু অধিক টিঙিৰিতুলা হৈ পৰে ৰূপজ্যোতি কুৰ্মী । ৰূপজ্যোতি কুৰ্মীয়ে কেতবোৰ অসংবিধানিক মন্তব্যৰে খেদা মাৰি গৈ বিধায়ক শ্বেৰমান আলীৰ আসন পায়গৈ ।
ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণত উত্তপ্ত হৈ পৰে সদন । ৰূপজ্যোতি কুৰ্মীৰ আচৰণৰ তীব্ৰ বিৰোধিতা কৰি বিৰোধী বিধায়কসকলে তেওঁক সদনৰ পৰা পৰৱৰ্তী দিন কেইটাৰ বাবে বহিষ্কাৰ কৰাৰ দাবী তোলে ।
ৰূপজ্যোতি কুৰ্মীৰ এনে অসংসদীয় তথা অমাৰ্জিত আচৰণে সদন উত্তপ্ত কৰি তোলাৰ সময়ত বিধানসভাৰ অধ্যক্ষৰ আসনত অধ্যক্ষ নাইবা উপাধ্যক্ষ নাছিল । সংসদীয় পৰম্পৰা অনুসৰি সেই সময়ত এগৰাকী সভাপতিয়ে দায়িত্ব পালন কৰি আছিল । ঘটনাৰ গতি বেগতিক দেখি ততাতৈয়াকৈ অধ্যক্ষৰ আসনত বহেহি উপাধ্যক্ষ ডাঃ নোমল মমিন । নোমল মমিনে পৰিস্থিতি নিয়ন্ত্রিত কৰাৰ চেষ্টা কৰে ।উপাধ্যক্ষৰ ৰুলিঙত পৰিস্থিতি নিয়ন্ত্রণলৈ অহাৰ পাছত ৰূপজ্যোতি কুৰ্মী নিজৰ আসনলৈ উভতি আহে । উপাধ্যক্ষই ৰূপজ্যোতি কুৰ্মীক ভৱিষ্যতে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি দি দায়িত্ব সামৰে । কিন্তু বিৰোধীৰ দাবী
আমি কথা ক’লে আমাক নিলম্বন, বহিষ্কাৰ কৰে আপুনি । কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ মৰ্যাদা হানিকাৰক আচৰণ কৰাৰ পিছতো কেৱল সাৱধানবাণী
এনে বৈষম্য কিয় ? কথাবোৰ ভাবি চাওঁক
অধ্যক্ষৰ আসনত বহা নোমল মোমিনৰ ভূমিকাক এইদৰে সমালোচনা অখিল গগৈয়ে ।সদনৰ বাহিৰত আহি সাংবাদিকৰ আগত বিধায়ক অখিল গগৈয়ে আৰু কি কলে শুনক।
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেৱল সদনৰ ভিতৰতেই নহয়,সদনৰ বাহিৰতো বিধায়ক আমিনুল ইছলামক অমাৰ্জিত আচৰণ কৰে।
এয়া সংসদীয় গণতন্ত্ৰৰ ক’লা দিন”-অখিল গগৈ
অসমৰ জনতাই ভোট দি নিৰ্বাচন কৰা বিধায়কৰ কাণ্ডই অসমবাসীক আচৰিত কৰি তুলিছে। পবিত্ৰ সদনত সমষ্ঠিৰ সমস্যাৰ কথা আলোচনা এৰি ইজনে আনজনক চোচা লোৱা পৰিৱেশেই কেৱল পবিত্ৰ সদনেই নহই সমগ্ৰ অসমবাসীক লজ্জানত কৰিছে। বিধায়ক ৰূপজ্যোতিৰ এনে কাণ্ডক লৈ জাঙুৰ খাই উঠিল শিৱসাগৰৰ দল সংগঠন। অনাগত দিনত শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ কৰিলে।
লগতে পঢ়ক : WATCH | Congress : BTC ৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছৰ জয় জয়কাৰ