Local, Vocal, Global

ৰূপাই মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সৰৱ আছু-AJYCP

ডিজিটেল ডেস্ক:- তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাই মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হোৱা অনিয়মৰ অভিযোগৰ বাতৰি সম্প্ৰচাৰিত হৈ থকাৰ সময়তে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতি সৰৱ হোৱা দেখা গৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰিজু প্ৰভা গগৈৰ ওপৰত।

শিক্ষাৰ অধিকাৰ আইন উলংঘন কৰি বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ৩০০ টকাকৈ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ মাজতেই ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ এটা সজাতি দলে বিদ্যালয়খনত উপস্থিত হৈ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হয়।

ছাত্ৰ সন্থা আৰু AJYCP ডুমডুমা আঞ্চলিক সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত অবাধে ধন সংগ্ৰহ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰিজু প্ৰভা গগৈক তদন্তৰ আওতালৈ আনি উচিত শাস্তি বিহিবলৈ শিক্ষা বিভাগক দাবী জনায়।

লগতে ডুমডুমা অঞ্চলত অৱস্থিত চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ অধিকাৰ আইন, ২০০৯ উলংঘন নকৰি নামভৰ্তি মাছুলৰ পৰা বিৰত থাকিবলৈ সমূহ বিদ্যালয় কৰ্তৃপক্ষক বিনম্ৰতাৰে আহ্বান জনায় সংগঠন দুটাই। উল্লেখযোগ্য যে, বিদ্যালযখনৰ প্ৰতিষ্ঠাপক প্ৰাক্তন বিজ্ঞান শিক্ষকজনেও বিদ্যালয়খনত উপস্থিত হৈ RTE act 2009ক অৱমাননা কৰি চৰকাৰী বিদ্যালয়ত মাছুল লোৱা কাৰ্যক নিন্দা কৰিছে।