Local, Vocal, Global

দেশৰ প্ৰতিখন ৰাজ্যত তাজমহলৰ বিৰুদ্ধে অভিযোগ

ডিজিটেল ডেস্ক:- মোগল সম্ৰাট শ্বাহজাহানৰ প্ৰিয়তমা পত্নী মমতাজৰ স্মৃতিত সপ্তদশ শতাব্দীত দিল্লীৰ নিকটৱৰ্তী আগ্ৰাত যমুনা নদীৰ তীৰত নিৰ্মাণ কৰা হৈছিল তাজমহল। তাৰ পিছত যোৱা ৬০০ বছৰৰো অধিক কাল এই তাজমহলে ভাৰতৰ ইতিহাস আৰু সংস্কৃতিত এক উজ্বল কীৰ্তিচিহ্ন হিচাপে পৰিচিত হৈ আহিছে। কেৱল সিমানেই নহয়, নিৰ্মাণশৈলী আৰু আটকধুনীয়া উপস্থাপন একবিংশ শতিকাৰ মানৱ সমাজকো স্তম্ভিত কৰি ৰাখিছে। কিন্তু সেই তাজমহল আজি ভাঙি পেলাবলৈ উদ্যত হৈছে দেশৰ একাংশ জনপ্ৰতিনিধি অথবা নেতা। অলপতে মৰিয়নী বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল ধ্বংস কৰি সেই ভূমিৰ ওপৰত মন্দিৰ নিৰ্মাণ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছিল। ইয়াৰ পূৰ্বেও বিজেপি শাসিত ৰাজ্যৰ বহু নেতা আৰু মন্ত্ৰী-বিধায়কেও তাজমহল ধ্বংস কৰিব লাগে বুলি স্পষ্ট মতামত প্ৰকাশ কৰিছে। অন্য অৰ্থত বিস্তৰ সপ্তম আশ্চৰ্য হিচাপে চিহ্নিত তাজমহল ধ্বংস কৰিবলৈ বিজেপিয়ে হয়তো আৰম্ভ কৰিছে আত্মঘাতী পৰিকল্পনা। মোগল সাম্ৰাজ্যৰ অন্যতম এই বিখ্যাত কীৰ্তিচিহ্নটো ধ্বংস কৰিবলৈ একাংশ বিজেপি নেতা আজি উন্মাদপ্ৰায় হৈছে কিয়। অৱশ্যে তাৰ পূৰ্বে আমি চাব লাগিব তাজমহলৰ ইতিহাস।

তাজমহল নিৰ্মাণৰ সময় আছিল সপ্তদশ শতিকা। শ্বাহজাহানৰ পত্নী মমতাজৰ সোঁৱৰণত নিৰ্মিত। চতুৰ্দশ সন্তান জন্ম দি মৃত্যু হৈছিল মমতাজৰ। ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ঘোষণা। তাজমহলৰ সত্যতাক লৈ ৰাজনীশ সিঙৰ গোচৰ। তাজমহলৰ ২২টা কোঠা বন্ধ হৈ আছে কিয়? নিৰ্মাণৰ পিছৰে পৰা বন্ধ হৈ আছে তাজমহলৰ ২২টা কোঠা। তাজমহল শিৱমন্দিৰৰ ওপৰত নিৰ্মিত হৈছিল নেকি? বিজেপি নেতা ৰাজনীশ সিঙৰ গোচৰ খাৰিজ কৰে আদালতে। তাজমহলৰ ২২ কোঠাত নাই কোনো মূৰ্তি। তাজমহলৰ চৌহদত কোনো প্ৰতিমাৰ অস্তিত্ব নাই। তাজমহলৰ ভিতৰভাগত আছে শতাধিক কোঠা। ১৯৭৮ত সংৰক্ষণৰ বাবে চৰকাৰে বন্ধ কৰিছিল কোঠা। তাজমহলৰ নিৰ্মাণৰ কাম আৰম্ভ হয় ১৬৩১ চনত। তাজমহল সম্পূৰ্ণ হয় ১৬৫৩ চনত। তাজমহল নিৰ্মাণৰ সময় ২২ বছৰ। তাজমহল নিৰ্মাণত প্ৰতিদিনে ২২ হাজাৰ শ্ৰমিক নিয়োজিত হৈছে।

ভাৰতীয় ইতিহাস-সংস্কৃতি আৰু স্থাপত্যবিদ্যাৰ এক অনবদ্য নিদৰ্শন তাজমহল ধ্বংস কৰিবলৈ আজি যিসকল তথাকথিত ৰাজনৈতিক নেতাই ৰাজহুৱাভাৱে বাৰম্বাৰ মত প্ৰকাশ কৰিব লাগিছে, সেইসকলৰ বহুতেই হয়তো নাজানে এই বিশাল আৰু বিখ্যাত স্মৃতিসৌধটোৰ নিৰ্মাণৰ আঁৰত থকা বহু গুৰুত্বপূৰ্ণ তথ্য। উল্লেখ্য যে মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল তাজমহল। এই নিৰ্মাণ প্ৰক্ৰিয়াও আছিল অতি জটিল আৰু দীঘলীয়া। এই স্মৃতিসৌধটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৬৩১ চনত। আৰু সেয়া সম্পূৰ্ণ হৈ উঠিছল ১৬৫৩ চনত। অৰ্থাত তাজমহলটো নিৰ্মাণ কৰিবলৈ সুদীৰ্ঘ ২২ বছৰৰ প্ৰয়োজন হৈছিল। দৃঢ় লক্ষ্য আৰু গভীৰ আৱেগ জড়িত নাথাকিলে মোগল সম্ৰাটৰ দৰে প্ৰৱল প্ৰতাপী শাসক এগৰাকীয়ে একেৰাহে ২২ বছৰ ধৰি এটা নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিব নেকি। তাতকৈও আচৰিত কথাটো হল তাজমহল নিৰ্মাণ কাৰ্যত প্ৰতিদিনে নিয়োজিত হৈছিল ২২ হাজাৰ কৌশলী শ্ৰমিক। এয়া কেৱল এক বিলাসিতা কিম্বা ৰাজক্ষমতাৰ প্ৰদৰ্শন নহয়। নিশ্চিতভাৱে তাজমহলৰ লগত জড়িত আছিল শ্বাহজাহান আৰু মমতাজৰ আৱেগিক প্ৰেম আৰু ভালপোৱা। আৰু হয়তো তাৰ পৰিণতিতে সৃষ্টি হৈছিল ৬০০ বছৰে নিজৰ আভিজাত্য দাম্ভিকতাৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বৃহত ঐতিহাসিক কীৰ্তিচিহ্ন তাজমহল।

কেৱল ইমানেই নহয়, তাজমহলৰ ২২টা কোঠা দীৰ্ঘদিন ধৰি কিয় বন্ধ হৈ আছে তাকে লৈও উঠিছে প্ৰশ্ন। কিন্তু আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি ১৯৭৮ চনলৈ তাজমহলৰ প্ৰায়বোৰ কোঠাই দৰ্শনাৰ্থীৰ বাবে মুকলি আছিল। কিন্তু তাৰ ভিতৰত ২২টা কোঠাৰ নিৰ্মাণশৈলী আৰু কাৰিকৰী কাৰণৰ বাবে দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰা হয়। কিয়নো তাজমহলত দৈনিক গড় দৰ্শনাৰ্থী ৬০ হাজাৰৰ পৰা এক লাখৰ ভিতৰত। সেই ২২টা কোঠা দৈনিক যদি এক লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে তেন্তে ক্ষতি হোৱাটো নিশ্চিত আছিল। আৰু সেইবাবে সেইসমূহ কোঠা দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হয়। ইয়াৰ উদ্দেশ্য কোঠাকেইটা সংৰক্ষিত কৰি ৰখাহে। তেজো মহল নামৰ এক শিৱ মন্দিৰ ভাঙি তাজমহল নিৰ্মাণ কৰা হৈছিল বুলি বিজেপি আৰু আৰ এছ এছৰ একাংশ নেতাই অভিযোগ কৰি আহিছে। কিন্তু আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই সেই অভিযোগৰ কোনো ভিত্তি নাই বুলি আদালতক লিখিতভাৱে জনাইছে। কিয়নো বিজেপিৰ মিডিয়া কোষৰ অধ্যক্ষ ৰাজনীশ সিঙে এলাহাবাদ উচ্চ ন্যায়ালয়ত তাজমহলৰ বিৰুদ্ধে গোচৰ তৰিছিল। সেই গোচৰো আদালতে খাৰিজ কৰে। তাজমহলৰ বিভিন্ন স্থানত ১০০টাৰো অধিক কোঠা আছে।

সেই কোঠাসমূহত হিন্দু দেৱ-দেৱীৰ মূৰ্তি আৱদ্ধ কৰি ৰখা হৈছিল বুলিও একাংশ উগ্ৰ হিন্দুত্ববাদী নেতাই দাবী কৰি আহিছে। কিন্তু সেই দাবীও খাৰিজ কৰিছে আদালতে। কিয়নো তাজমহলৰ চৌহদত কোনো প্ৰতিমা অথবা মূৰ্তিৰ অস্তিত্ব আজিপৰ্যন্ত উলিয়াব পৰা নাই পুৰাতত্ব বিভাগে। কিন্তু তাৰ পিছতো তাজমহলক লৈ হিন্দুত্ববাদী দল-সংগঠনে অবিৰতভাৱে চলাব লাগিছে অপপ্ৰচাৰ। হয়তো এয়া বিজেপিৰ মুছলমানবিৰোধী নীতি অথবা স্থিতিৰ বহিঃপ্ৰকাশ মাথোঁ। আৰু যদি সেয়াই হয়, তেন্তে হয়তো অদূৰ ভৱিষ্যতে বিজেপি আৰু আৰ এছ এছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰিণতিত ভাৰতৰ ইতিহাসৰ পৰা চিৰদিনলৈ বিলুপ্ত হব পাৰে তাজমহলৰ দৰে বিশ্ব ঐতিহ্য এটা কীৰ্তিচিহ্ন। অৱশ্যে এইক্ষেত্ৰত দেশৰ ধৰ্মনিৰপেক্ষ জনসাধাৰণ আৰু কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাইহে নিৰ্ধাৰণ কৰিব পাৰিব মোগল সাম্ৰাজ্যৰ অন্যতম বিখ্যাত কীৰ্তিচিহ্ন তাজমহলৰ। মানৱেন্দ্ৰ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন, মাই নিউজ নৰ্থ ইষ্ট।