Local, Vocal, Global

মৰাণ জনগোষ্ঠীক জনজাতিকৰণ, ষষ্ঠ অনুসূচীভুক্তকৰণৰ দাবীত প্ৰতিবাদ

ডিজিটেল ডেস্ক:- মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্তকৰণৰ দাবীত আজি তিনিচুকীয়াত এক প্ৰতিবাদী ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰে ৷ অসম মৰাণ সভাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ পৰা উলিওৱা প্ৰতিবাদী সমদলকাৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সামৰণি মাৰে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি সোনকালে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে ষষ্ঠ অনুসূচীভুক্তকৰণ কৰি স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷ অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।