দীপাৱলীৰ উপহাৰ! ১১ কোটি কৃষকক প্ৰধানমন্ত্ৰীয়ে দিলে ২০০০ কৈ টকা…
নতুন দিল্লীঃ অৱশেষত PM মোদীৰ পৰা আহিল ভাল খবৰ! দীপাৱলীৰ সময়তে এই ভাল খবৰ লাভ কৰি এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে ভাৰতৰ ১১ কোটি কৃষক। সোমবাৰৰ দিনটোত এই ১১ কোটি কৃষকৰ প্ৰতিগৰাকীয়ে একাউণ্টযোগে লাভ কৰে ২ হাজাৰকৈ টকা।
কেন্দ্ৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকলক এই ধনৰাশি প্ৰদান কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰই মোকলাই দিছিল ১৬ হাজাৰ কোটি টকা।
দিল্লীস্থিত ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিছাৰ্চ ইনষ্টিটিউটৰ এক বিশেষ অনুষ্ঠানত ভাগ লৈ ৰিম’টৰ বুটাম টিপি হিতাধিকাৰী কৃষকসকললৈ ধন প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ধনৰাশিয়ে কৃষকসকলক সামান্য সকাহ প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে।
উল্লেখ্য যে এই আঁচনিৰ অধীনত কেন্দ্ৰই প্ৰতিবছৰে কৃষকসকলক ৬ হাজাৰ টকাকৈ প্ৰেৰণৰ ব্যৱস্থা কৰি আহিছে। এই অনুযায়ী আঁচনিখন ৰূপায়ণ কৰাৰ পৰা এতিয়ালৈ ১২ বাৰকৈ কৃষকসকলে এই ধন লাভ কৰিছে।