Local, Vocal, Global

ডিকম চাহ বাগিচাত পথ দুৰ্ঘটনাত নিহত পৰিয়ালক ২ লাখ টকাৰ চে’ক প্ৰদান…

ডিজিটেল ডেস্ক:- সোমবাৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ডিব্ৰুগড়ৰ ডিকমত থানাৰ অন্তৰ্গত নাহৰতলীৰ সমীপৰ বাইপাছত।
সোমবাৰে AS 06 Z 3501 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনে নাহৰতলী চাহ বাগিচাৰ সমীপত ডিকম বাইপাছত তিনিগৰাকী চাহ জনগোষ্ঠীয় মহিলাক পথত মহতিয়াই থৈ যায়। তাৰে দুগৰাকীৰ মহিলা থিতাতে নিহত হয় আৰু আন এগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মহিলা গৰাকী মৃত্যুক সাবটি লয়।মৃত মহিলা কেইগৰাকী নাহৰতলী চাহ বাগিচাৰ মীনা বেদিয়া, ৰীতা বেদিয়াস আৰু সুনীতা ভত্তা বুলি চিনাক্ত কৰা হয়।
ইফালে ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈ পৰে ডিকম।পথ দুৰ্ঘটনাত নিহত হোৱা মহিলাকেইগৰাকীৰ পৰিয়াল বৰ্গৰ বাসগৃহত বুধবাৰে উপস্থিত হয় বিধায়ক পোনাকণ বৰুৱা। পথ দুৰ্ঘটনাত মৃত্যু হোৱা তিনিওটি পৰিয়ালক দুৰ্যোগ ব্যৱস্হাপনা বিভাগৰ হৈ বুধবাৰে পুৱা ৮ বজাত ২ লাখ টকাৰ চে’ক প্ৰদান কৰে বিধায়কগৰাকীয়ে।আজি বিধায়ক গৰাকীয়ে শ্ৰমিক ৰাইজৰ সৈতে মত বিনিময় কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায়।