Local, Vocal, Global

Watch | Rowta BTR EM Pressmeet: ‘হাগ্রামা মহিলাৰীয়ে চীফ হোৱাৰ বাসনা এৰিলেই একত্ৰিত হ’লহেতেন দুই আঞ্চলিকতাবাদী দল UPPL-BPF’

ওদালগুৰি: ” হাগ্রামা মহিলাৰীয়ে চীফ হোৱাৰ বাসনা এৰিলেই একত্ৰিত হ’লহেতেন দুই আঞ্চলিকতাবাদী দল UPPL- BPF। একমাত্র হাগ্ৰামাৰ চীফ হোৱাৰ জেদৰ বাবেই একত্ৰিত হ’ব নোৱাৰিলে UPPL- BPF।” ৰৌতাত এক সংবাদমেলত UPPL- BPF একত্ৰিত হোৱাৰ প্ৰসংগত তাৎপর্যপূর্ণ মন্তব্য BTRৰ UPPL যুৱ শাখাৰ কেন্দ্ৰীয় সভাপতি প্ৰভাৱশালী EM ড০ নিলোৎ স্বৰ্গীয়াৰীৰ ।

আনহাতে, ABSU ৰ নেতৃত্বত প্রায় ১৪ বড়ো জাতীয় সংগঠনে দুই আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিতৰ প্ৰসংগত ৰেলী উলিওৱাক লৈ নেতাগৰাকী কয় যে, জাতীয় স্বাৰ্থত তেওঁলোকে ভবা কথা সফল হওঁক | দুই দলৰ একত্ৰিতৰ বাবে কৰা জাতীয় সংগঠনৰ চেষ্টাক ধন্যবাদ জনায় নেতাগৰাকীয়ে ।

আনহাতে, নেতাগৰাকীয়ে কয় যে, BPF ত্যাগ কৰি UPPL ত যোগদান কৰা একাংশ শক্তিশালী নেতায়ো বিচাৰিছিল দুই আঞ্চলিকতাবাদী দল একত্রিত হওঁক | একমাত্র হাগ্ৰামাৰ চীফ হোৱাৰ জেদতেই সেই উদ্দেশ্যও অসফল হল | আনহাতে, হাগ্ৰামাক কটাক্ষ কৰি স্বৰ্গীয়াৰীয়ে কয় যে, সংগীবিহীন ব্যক্তি কেতিয়াও চীফ হ’ব নোৱাৰে । হাগ্ৰামাৰ সোঁ- বাঁওয়ে থকা সকলো এতিয়া UPPLৰ সদস্য হল | আনহাতে, স্বৰ্গীয়াৰীয়ে কয় যে, হাগ্ৰামাই কৰা ২৯ শ কোটি টকাৰ ধাৰৰ কেলেংকাৰীৰ হিচাপ তেঁও এদিন হলেও দিব লাগিব প্ৰশাসনক। হিচাপ দিব নোৱাৰিলে হাগ্ৰামা জেললৈ যোৱাটো একপ্ৰকাৰ খাটাং | কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই এদিন হলেও জেললৈ নিব হাগ্ৰামাক তাৰেই আশা BTR EM নিলোৎ স্বৰ্গীয়াৰীৰ।

লগতে পঢ়ক: Watch | Bilasipara NSUI,NEMSU Protest:উচ্ছেদৰ বিৰুদ্ধে বিলাসীপাৰাত উত্তাল প্ৰতিবাদ