Watch | Rowta BJP : BTR নিৰ্বাচনত আগ্ৰাসী ৰূপত নামিছে ৰাষ্ট্ৰীয়তাবাদী দল BJP
ওদালগুৰি: ৰৌতাত BJP ৰ বৃহৎ যোগদান কাৰ্যসূচী । UPPL, BPF এৰি বিজেপিত যোগ দিলে প্রায় ৫০০ ত কৈ অধিক লোকে । অনুষ্ঠানত BJP ত যোগদান UPPL ৰ প্রাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গজেন হাইনাৰী, VCDC ৰ সভাপতি তুনেশ্বৰ বসুমতাৰী, ৰৌতা UPPL ব্লক সমিতিৰ উপ সভাপতি ঘনশ্যাম মহন্তকে আদি বহু জেষ্ঠ নেতাৰ ।
ৰৌতা মণ্ডল বিজেপিৰ নেতৃত্বত মডেল লাইব্ৰেৰী সমূহীয়া প্রেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক, প্রাক্তন সাংসদ, ওদালগুৰি জিলাৰ তত্বাবধায়ক পল্লৱলোচন দাস, মুখপাত্র প্ৰণৱজ্যোতি লহকৰ, জিলা সভাপতি সুনীল বসুমতাৰী কে আদি কৰি বহু বিশিষ্ট ব্যক্তি । ৰৌতা পৰিষদীয় সমষ্টি UPPL ৰ দখলৰ পৰা উদ্ধাৰৰ স্বাৰ্থত পূর্ণ চেষ্টা অব্যাহত গেৰুৱা দলটোৰ| । BTRত ভাৰতীয় জনতা পাৰ্টীৰ উত্থান ৰাইজে মনে-প্ৰাণে বিচাৰিছে বুলি মন্তব্য প্রাক্তন সাংসদ পল্লৱলোচন দাসৰ ।
লগতে পঢ়ক: Watch | Mangaldai news: RTI কৰি বিপদত মঙ্গলদৈ নগৰবাহীৰ এজন যুৱক