ৰহা সমষ্টিৰ এখন জৰাজীৰ্ণ দলঙৰে মৰণত শৰণ দি অঞ্চলবাসীৰ যাতায়ত
ধাৰাবাহিক বানৰ কবলত পৰা ৰহা সমষ্টিৰ অন্তৰ্গত ভিন্ন ঠাইত ছিগিল পথ-মথাউৰি, উটি গ’ল দলং। গৰুবাট মৌজাৰ লুটুমাৰীৰ বেলতলা দলংখন বাঢ়নি পানীয়ে উতুৱাই নিয়াৰ ফলত এতিয়া হাহাকাৰ কৰিছে অঞ্চলটোৰ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে। দলঙৰ নামত থাকিল মাথো কেইডালমান কাঠ আৰু লোহাৰ চিৰি। দুডাল লোহাৰ চিৰিৰ ওপৰেৰে অতি বিপদজনকভাৱে মৰণত শৰণ দি অহা-যোৱা কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। দলংখন বানে উতুৱাই নিয়াৰ ফলত চিকিৎসালয়লৈ ৰোগী অনা-নিয়াৰ ক্ষেত্ৰতো সৃষ্টি হৈছে ব্যাপক অসুবিধাৰ। স্থানীয় ৰাইজে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দলংখন নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে ।