Local, Vocal, Global

 কভিড-১৯ৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যৰ বাবে আহিছে এটা ভাল খবৰ

কভিড-১৯ৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যৰ বাবে আহিছে এটা ভাল খবৰ। সৰ্বকালৰ অভিলেখ ভঙ্গ কৰিলে অসম সমবায় মৰাপাট কলে। কলিয়াবৰীয়া ৰাইজৰ সপোনৰ এক অন্যতম উদ্যোগ, সময়ৰ সোঁতত বহু দুৰ্যোগৰ সন্মুখীন হোৱা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে সৰ্ববৃহৎ উদ্যোগ ৰূপে পৰিচিত কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কল। সৰ্বকালৰ অভিলেখ ভংগ কৰি অসম সমবায় মৰাপাট কলৰ উৎপাদন বৃদ্ধি পালে ২৬.১৫৩ মেট্ৰিক টনলৈ ।

শ্ৰমিক-কৰ্মচাৰীৰ লগতে পৰিচালক মণ্ডলীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত সৰ্বকালৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় অসম সমবায় মৰাপাট কলে। সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ শিলঘাট মৰাপাট কলটি বিগত কেইবাবছৰ ধৰি অৰ্থ সংকটত ভুগি আছিল।

লকডাউনৰ সময়চোৱাৰ পৰা শ্ৰমিক-কৰ্মচাৰীসকলে ন-উদ্যমৰে কাম কৰি সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ২৬.১৫৩ মেট্ৰিক টন উৎপাদনেৰে এক নতুন অধ্যায় সূচনা কৰিবলৈ সক্ষম হয় ।