Local, Vocal, Global

Encounter in Assam:চিলাপথাৰত আৰক্ষী ডকাইতৰ মাজত গুলীয়াগুলি, এটা ডকাইত গুলীবিদ্ধ

জুনাই, ১১ মে’: চিলাপথাৰৰ অসম-অৰুণাচল সীমান্তৰ মিলনপুৰত বুধবাৰে নিশা সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা (Encounter between police and robbers) । অভিযানকাৰী আৰক্ষীৰ দল আৰু এটা ডকাইতৰ দলৰ মাজত সংঘটিত এই গুলীয়াগুলিত এটা ডকাইত গুলীবিদ্ধ হৈছে । গুলীবিদ্ধ ডকাইতটোক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও নিশাৰ এন্ধাৰৰ সুযোগ লৈ ডকাইতৰ দলটোৰ আনকেইটা সদস্যই সেই স্থানৰ পৰা পলায়ন কৰে ।

আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য মতে, বুধবাৰে নিশা চিলাপথাৰৰ সমীপৰ মিলনপুৰৰ দিশেৰে তিনিজনীয়া ডকাইতৰ এটা দল প্ৰৱেশৰ খবৰ পাইছিল চিলাপথাৰ আৰক্ষীয়ে । এই খবৰৰ পাছতে চিলাপথাৰ আৰক্ষী থানাৰ ভৰাপ্ৰাপ্ত বিষয়া মুহিধৰ টায়েৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়গৈ । আৰক্ষীৰ উপস্থিতিৰ উমান পাই ডকাইতৰ দলটোৱে আৰক্ষীৰ দলটোলৈ বুলি গুলীচালনা কৰে (Robbers opened fire on police) ।

প্ৰত্যুত্তৰত আৰক্ষীয়েও ডকাইতৰ দলটোলৈ বুলি গুলীচালনা কৰে । দুয়োপক্ষৰ মাজত হোৱা এই গুলিয়াগুলীত এটা ডকাইত গুলীবিদ্ধ হোৱাৰ লগতে আৰক্ষীৰ হাতত ডকাইতটো আটক হয় (Wounded robber nabbed) । গুলীবিদ্ধ ডকাইতটোৰ নাম লখিন্দ্ৰ বাছপৰ বুলি জানিব পৰা গৈছে । ভৰিত গুলি লাগি আহত হোৱা এই ডকাইতটোক চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰৰণ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে নিশাৰ এন্ধাৰৰ সুযোগ লৈ ডকাইতৰ দলটোৰ আনদুটা সদস্যই সেই স্থানৰ পৰা পলায়ন কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ২ খন দা, ৰড, নগদ ১৩ হেজাৰ টকা আৰু বিভিন্ন সামগ্ৰীৰ লগতে এখন বগা ৰঙৰ এল্ট বাহন জব্দ কৰিছে ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে নিশা জোনাই সদৰৰ মাজমজিয়াস্থিত দৈনিক বজাৰত সংঘটিত ডকাইটিৰ ঘটনাৰ লগত জড়িত আছিল ডকাইটৰ এই দলটো । ধৃত গুলীবিদ্ধ ডকাইতটোৱে ইতিমধ্যে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি, ডকাইতৰ দলটোৱে মংগলবাৰে নিশা দৈনিক বজাৰৰ ৬ খন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা লুট কৰিছিল লক্ষাধিক টকা আৰু বিভিন্ন সা সামগ্ৰী ।