Local, Vocal, Global

Karnataka Exit Poll: Exit Pollৰ সমীক্ষা অনুসৰি কংগ্ৰেছ আগবাঢ়ি যোৱাৰ অনুমান, KING MAKERৰ ভূমিকাত জেডিএছ !

নেশ্যনেল ডেস্ক, ১১ মে’: বুধবাৰে হৈ যোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটদানৰ অন্তত ওলোৱা নিৰ্বাচনী সমীক্ষা (Karnataka Exit Poll)ৰ অধিকাংশই কংগ্ৰেছক একক বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ ভৱিষ্যদ্বাণী কৰা পৰিলক্ষিত হৈছে ।

‘ইণ্ডিয়া টুডে- এক্সিছ মাই ইণ্ডিয়া’ আৰু ‘নিউজ ২৪-টুডেজ চাণক্য’ৰ সমীক্ষা অনুসৰি কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে (Congress is likely to win majority) । আনহাতে, ‘নিউজ নেশ্যন-চিজিএছ’ৰ এক্সিট প’লত বিজেপিয়ে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভৰ অনুমান কৰা পৰিলক্ষিত হৈছে (BJP expected to win full majority) ।

‘ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়া’ৰ সমীক্ষা অনুসৰি, ২২৪ জনীয়া এই বিধানসভাত ৪৩ শতাংশ ভোট লাভ কৰি কংগ্ৰেছে ১২২ৰ পৰা ১৪০খনৰ ভিতৰত আসন লাভ কৰিব পাৰে আৰু বিজেপিয়ে ৩৫ শতাংশ ভোট লাভ কৰি ৬২ৰ পৰা ৮০খনৰ ভিতৰত আসন লাভ কৰাৰ সম্ভাৱনা আছে । জনতা দল (চেকুলাৰ)য়ে ১৬ শতাংশ ভোট লাভ কৰি ২০ৰ পৰা ২৫খন আসন লাভ কৰিব বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে ।

ইফালে‘নিউজ ২৪-টুডেজ চাণক্য’ই কৰা সমীক্ষাত কংগ্ৰেছে ১২০খন, বিজেপিয়ে ৯২খন আৰু জেডি(এছ)য়ে ১২খন আসন লাভৰ অনুমান কৰা হৈছে । আকৌ ‘জী নিউজ-মেট্ৰিজ’ৰ সমীক্ষাত কংগ্ৰেছে ৪১ শতাংশ ভোট লাভ কৰি ১০৩ৰ পৰা ১১৮খন আসন পোৱাৰ অনুমান কৰা হৈছে । সমীক্ষাটো মতে, ভাৰতীয় জনতা দলে ৩৬ শতাংশ ভোটেৰে ৭৯ৰ পৰা ৯৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু জনতা দলে (চেকুলাৰ) ১৭ শতাংশ ভোটেৰে ২৫ৰ পৰা ৩৩খন আসন লাভ কৰিব পাৰে ।

‘টিভি ৯-প’লষ্ট্ৰেট’ৰ দ্বাৰা কৰা নিৰ্বাচনৰ পিছৰ সমীক্ষাৰ দ্বাৰা কংগ্ৰেছে ৯৯ৰ পৰা ১০৯খন আসন লাভ কৰিব পাৰে বুলি উল্লেখ কৰিছে যদিও বিজেপিয়ে ৮৮ৰ পৰা ৯৮খন আসন পোৱাৰ ধাৰণা কৰা হৈছে । এই এক্সিট প’ল অনুসৰি জেডি(এছ)য়ে ২১ৰ পৰা ২৬খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

‘এবিপি নিউজ-চি ভোটাৰ’ৰ এক্সিট প’লত কংগ্ৰেছে ১০০ৰ পৰা ১১২খন, বিজেপিয়ে ৮৩ৰ পৰা ৯৫ খন আৰু জেডি(এছ)য়ে ২১ৰ পৰা ২৯খন আসন লাভ কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰা পৰিলক্ষিত হৈছে ।

‘টাইমছ নাও-ইটিজি’ৰ এক্সিট প’লত কংগ্ৰেছৰ বাবে ১১৩খন, বিজেপিৰ বাবে ৮৫খন আৰু জেডি(এছ)ৰ বাবে ২৩খন আসনৰ ভৱিষ্যদ্বাণী কৰা হৈছে । ‘ইণ্ডিয়া টিভি’-চিএনএক্সৰ নিৰ্বাচনৰ পিছৰ সমীক্ষাত ৪২ শতাংশ ভোট লাভ কৰি কংগ্ৰেছৰ বাবে ১১০ৰ পৰা ১২০খন আসনৰ ভৱিষ্যদ্বাণী কৰা হৈছে। আনহাতে বিজেপিয়ে ৩৬ শতাংশ ভোট লাভ কৰি ৮০ৰ পৰা ৯০খন আসন লাভ কৰাৰ সম্ভাৱনা আৰু জেডি(এছ)য়ে ১৬ শতাংশ ভোট লাভ কৰি ২০ৰ পৰা ২৪খন আসন পোৱাৰ সম্ভাৱনা আছে বুলি ‘টাইমছ নাও-ইটিজি’ৰ এক্সিট প’লৰ সমীক্ষাত উল্লেখ কৰা হৈছে ।

পিএমআৰকিউৰ সমীক্ষা অনুসৰি বিজেপিয়ে ৮৫ৰ পৰা ১০০খন, কংগ্ৰেছে ৯৪ৰ পৰা ১০৮খন, জেডিএছে ২৪ৰ পৰা ৩২খন আৰু অন্যান্যক দুখনৰ পৰা ছয়খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, শাসকীয় বিজেপি দলে ২২৪খন বিধানসভাৰ আটাইকেইখন আসনৰ বিপৰীতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইফালে বিৰোধী দল কংগ্ৰেছে ২২৩ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । দলটোৱে মেলুকোটে সমষ্টিৰ আসনখনৰ বাবে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই । একেধৰণে জেডি(এছ) দলে ২০৭ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে আম আদমী পাৰ্টিয়ে ২০৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে বিএছপিয়ে ১৩৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । চি পি আই (এম) দলে চাৰিখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে এন পি পিয়ে দুখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সৰ্বমুঠ ৬৯৩ গৰাকী প্ৰাৰ্থী হৈছে পঞ্জীয়নভুক্ত দলৰ আৰু ৯১৮ গৰাকী প্ৰাৰ্থী হৈছে নিৰ্দলীয় ।

ইফালে ৰাজ্যখনত চৰকাৰ গঠনৰ ১০০ শতাংশই প্ৰকাশ আশা প্ৰকাশ কৰিছে বিজেপি দলে । দক্ষিণ ভাৰতৰ দুৱাৰমুখ বুলি পৰিচিত ৰাজ্যখনত পুনৰ সংখ্যাগৰিষ্ঠতা লাভৰ আশা কৰিছে শাসকীয় বিজেপিয়ে। এগজিট প’লৰ পূৰ্বৰ পৰাই কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি. এচ য়েডুৰপ্পাই ৰাজ্যখনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী কৰি আহিছে ।

একে সময়তে কৰ্ণাটকৰ বিৰোধী দলপতি সিদ্ধাৰমাইয়াই দাবী কৰিছিল যে কংগ্ৰেছে এইবাৰৰ বিধানসভা নিৰ্বাচনত ১৩০ৰ পৰা ১৬০খন আসন লাভ কৰিব । সিদ্ধাৰমাইয়াই বৰুণাত উপস্থিত হৈ ভোটদানৰ পূৰ্বে দিয়া ভাষ্য অনুসৰি পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ দলে চৰকাৰ গঠনৰ আস্থা প্ৰকাশ কৰিছিল। তেখেতে লগতে কয়, ভোটদানৰ প্ৰতি ৰাজ্যবাসীৰ আগ্ৰহ আৰু উৎসাহ পূৰ্বতকৈ অধিক দেখা গৈছে । এইটোয়ে মোৰ শেষ নিৰ্বাচন বুলি উল্লেখ কৰি তেখেতে ক’লে, ইয়াৰ পিছত মই আৰু প্ৰতিদ্বন্দ্বিতা নকৰো । কিন্তু, সক্ৰিয় ৰাজনীতিৰ পৰা এতিয়াই অৱসৰ নলও ।