Local, Vocal, Global

The Kerala Story : কেবিনেট সতীর্থৰে মুখ্যমন্ত্ৰীয়ে চালে বহু চৰ্চিত ‘দ্য কেৰালা ষ্টৰী’; নিজ কন্যাৰ সৈতে ছবিখন চাবলৈ সকলোকে জনালে আহ্বান

গুৱাহাটী, ১১ মে’: কেবিনেট সতীর্থ আৰু বিধায়কৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চালে বহু চৰ্চিত ছবি ‘দ্য কেৰালা ষ্টৰী’(Assam CM watched The Kerala Story)। দেশৰ দুখনকৈ ৰাজ্যত নিষিদ্ধ কৰা এই ছবিখন গুৱাহাটীৰ PVRত উপভোগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । ছবিখন চোৱাৰ অন্তত তেখেতে অসমবাসী ৰাইজক পৰিয়ালৰ সৈতে ছবিখন চাবলৈ, বিশেষকৈ সকলো পিতৃ মাতৃক নিজ কন্যাৰ সৈতে এই ছবিখন চাবলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কলে, ছবিখনৰ পৰা আমি বহু কথা বুজিব পাৰিম । আমি নিজৰ পৰম্পৰা, সংস্কৃতিৰ লগতে সৰুৰে পৰা ডাঙৰ হ’বলৈ শিকিলে ভৱিষ্যতে আমি বিভিন্ন সমস্যাৰ পৰা কেনেকৈ আঁতৰত থাকিব পাৰিম । আমাৰ নৱ প্ৰজন্মৰ কিশোৰীহঁতে কাৰ লগত বন্ধুত্ব কৰিছে, তাৰ ওপৰত যাতে পৰিয়ালে অলপ নজৰ ৰাখিব পাৰে । অসমত সঘনাই ঘটি থকা সন্ত্ৰাসবাদৰ ঘটনাই নহয়, লাভ জেহাদৰ দৰে ঘটনাবোৰো আমি যাতে কলিতেই মষিমূৰ কৰিব পাৰো, তাৰ বাবে মই বিশ্বাস কৰোঁ এই ছবিখন সকলোৱে পৰিয়ালৰ সৈতে বিশেষকৈ নিজৰ কন্যা সন্তানৰ সৈতে চোৱাটো অতিকে প্ৰয়োজনীয় ।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ‘দ্য কেৰালা ষ্টৰী’ ছবিখনৰ প্ৰযোজক, পৰিচালক তথা কলা কৌশলীসকলক আৰু এটা সঁচা কাহিনীক নিৰ্ভয়ে ক’বলৈ আগবাঢ়ি অহা যুৱতীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

তেখেতে কলে, এই ছবিখন কোনো জাতিৰ বিৰুদ্ধে নহয়, বৰঞ্চ ই সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে । যিসকলে এই ছবিখন নিষিদ্ধ কৰিছে, তেওঁলোকে ভুল সিদ্ধান্ত লৈছে ।

ছবিখনক বহুকেইখন ৰাজ্যত টেক্স ফ্ৰী কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসমত চলচ্চিত্ৰৰ বাবে থকা টেক্স পূৰ্বতেই বন্ধ কৰা বাবে এই ছবিখনত টেক্সৰ কথাই নাহে বুলি উল্লেখ কৰে । উল্লেখ্য যে, যে, দেশৰ দুখনকৈ ৰাজ্য ক্ৰমে তামিলনাডু আৰু পশ্চিম বংগ চৰকাৰে তেওঁলোকৰ ৰাজ্যত এই ছবিখন নিষিদ্ধ কৰিছে ।