Road Accident in Silchar : ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিজন যুৱকৰ

নিউজ ডেস্ক, ৩ জুন : ৰাজ্যত দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাত্ বৃদ্ধি পাব ধৰিছে । ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য । প্ৰত্যেক দিনাই অসমত সংঘটিত হ’বলৈ ধৰিছে শতাধিক পথ দুৰ্ঘটনা আৰু হেৰুৱাবলগীয়া হৈছে বহু লোকৰ প্ৰাণ । পুনৰ শুকুৰবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ।
শুকুৰবাৰে নিশা কাছাৰ জিলাৰ অন্তৰ্গত শিলচৰত স্কুটি আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয় (Road Accident) । নিশা প্ৰায় ১বজাত ৰামনগৰ বাইপাছত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত তিনিজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় ।
জানিব পৰা মতে, দুৰ্ঘটনাটোত নিহত ব্যক্তি তিনিজন ক্ৰমে ৰোহন চৌধুৰী, সুহাইল খান আৰু কুনাল কৌৰ আনহাতে আহত ব্যক্তিগৰাকীক দিপাঞ্জন দত্ত বুলি চিনাক্ত কৰা হৈছে ।
তথ্য় অনুসৰি, এখন ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে স্কুটি আৰু মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষ হয় । সন্মুখৰ পৰা আহি থকা বাইকখনৰ বিষয়ে অজ্ঞাত স্কুটিখনে বাইকখনৰ সৈতে খুন্দা মৰাৰ ফলত তিনিজনৰ থিতাতে মৃত্যু হয় ।
ঘটনাৰ পিছতে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱকজনক ওচৰৰ চিকিত্সালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখ্য যে যোৱা ২৮ মে’ত গুৱাহাটীৰ জালুকবাৰীত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল। এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma)।
লগতে পঢ়ক : Narendra Modi will visit Odisha : দুৰ্ঘটনাস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ