Local, Vocal, Global

Narendra Modi will visit Odisha : দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক, ৩ জুন: শুকুৰবাৰে নিশা ওড়িশাৰ বালাচোৰত সংঘটিত হয় ভয়ানক ৰে’ল দুৰ্ঘটনা। ওড়িশাৰ বালাশ্বৰ জিলাত যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ২৮৮ গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে ৯০০ৰো অধিক গৰাকী যাত্ৰী আহত হোৱাৰ তথ্য পোৱা গৈছে (Collision occurred between passenger train and goods train)।

উল্লেখ্য যে সন্ধিয়া প্ৰায় ৭ বজাত শালিমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ১০-১২ টা ডবা বালাচোৰৰ ওচৰত এখন মালবাহী ৰে’লত খুন্দা মৰাৰ পিচত লাইনচ্যুত হৈ বিপৰীত পথত বাগৰি পৰে । কিছু সময়ৰ পাছত যশৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে’ল সেই লাইনচ্যুত ডবাবোৰত খুন্দা মাৰে যাৰ ফলত ইয়াৰ ৩-৪ টা ডবা লাইনচ্যুত হয় (Odisha train derailed)। এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী য়ে (Prime Minister Narendra Modi) ওড়িশাৰ বালাশ্বৰত সংঘটিত ৰে’ল দুৰ্ঘটনাস্থলীৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে (Train accident in Odisha)।
এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনাটোত দুখিত হৈছো ( Prime Minister Modi tweet) । এই দুখৰ সময়ত, নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক মোৰ সমবেদনা জ্ঞাপন কৰিছো। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক। ৰে’ল মন্ত্ৰী @AshwiniVaishnaw সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো । দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক সকলো সম্ভাৱ্য সহায় আগবঢ়োৱা হৈছে।”

শুক্ৰবাৰে সংঘটিত হোৱা এই শোকাবহ ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈকে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। লগতে ১,০০০ ৰো অধিক যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে এই শোকাবহ ৰে’ল দুৰ্ঘটনাটোৰ পিছতেই বাতিল কৰা হৈছে ৪৮ খনকৈ ৰে’লৰ চলাচল। লগতে, ৩৯ খনকৈ ৰে’লৰ যাত্ৰাপথ বৰ্তমান সলনি কৰি দিয়া হৈছে। ইতিমধ্যেই কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। লগতে তেওঁ ৰে’ল মন্ত্ৰালয়ৰ তৰফৰ পৰা উক্ত ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।ইতিমধ্যে ওড়িশা ৰাজ্য চৰকাৰে এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ।

উল্লখ্যে যে, শনিবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন গোৱা-মুম্বাই মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰো আৰম্ভ হোৱাৰ কথা আছিল কিন্তু উক্ত ৰে’ল দুৰ্ঘটনাৰ পিছতেই উদ্বোধনী অনুষ্ঠানো বাতিল কৰা হৈছে।
শেহতীয়া তথ্য অনুসৰি, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰে’ল দুৰ্ঘটনাস্থলীলৈ পৰিদৰ্শন কৰিবলৈ যাব(PM Modi to go Odisha rail accident site)। সূত্ৰয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব আৰু তাৰ পিছতেই কটকৰ চিকিৎসালয়লৈও যাব য’ত আহতলোকসকল চিকিৎসাধীন হৈ আছে আৰু আহতসকলৰ স্বাস্থ্যৰ বুজ ল’ব(PM Modi to visit Cuttack hospital)।

লগতে পঢ়ক : Odisha train accident : ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,বাতিল অসমলৈ অহা ৰে’ল