Local, Vocal, Global

Aircraft carrying Malawi Vice-President goes missing : আকাশৰ পৰাই হঠাৎ নিৰুদ্দেশ উপ-ৰাষ্ট্ৰপতিৰ বিমান

ইণ্টাৰনেশ্যনেল ডেস্ক,১১জুন : আকাশৰ পৰাই হঠাৎ নিৰুদ্দেশ হ’ল উপ-ৰাষ্ট্ৰপতিৰ বিমান । মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান হঠাতে নিৰুদ্দেশ হয় ৷ বিমানখনত আছিল উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমা৷ উপ-ৰাষ্ট্ৰপতিসহ আন ৯ জন লোক(Aircraft carrying Malawi Vice-President goes missing) ।

উপ ৰাষ্ট্ৰপতিৰ সৈতে ১০গৰাকী লোকে যাত্ৰা কৰা এই বিমানখনৰ সৈতে বৰ্তমানলৈকে কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই।

মঙলবাৰে পুৱা ৯বজাত যাত্ৰা কৰিছিল বিমানখনে । তাৰ পিছৰে পৰা কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা নাই । বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা কৰিছে ৰাষ্ট্ৰপতি কাৰ্যালয়ে।

কিন্তু বৰ্তমানলৈ দেশখনৰ চৰকাৰে বিমানখনৰ দুৰ্ঘটনাৰ সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই । কেইবাটাও উদ্ধাৰকাৰী দলে বিমানখনৰ অৱস্থিতি ধৰা পেলাবলৈ চেষ্টা কৰি আছে যদিও সফল হব পৰা নাই(Plane carrying Malawi Vice-President Saulos Chilima goes missing)।

লগতে পঢ়ক : S Jaishankar takes charge as External Affairs Minister : মঙলবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে এছ জয়শংকৰে