Road accident in Mushalpur:বাক্সাৰ মুছলপুৰৰ মনসাত ভয়ংকৰ পথ দুৰ্ঘটনা;তীব্ৰবেগী ছুইফট বাহন সোমাল নৱনিৰ্মিত কালভাৰ্টৰ বৃহৎ গাঁতত
নিউজ ডেস্ক,৫ফেব্ৰুৱাৰী : বাক্সাৰ মুছলপুৰৰ মনসাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নৱনিৰ্মিত কালভাৰ্টৰ গাঁতত সোমাল তীব্ৰবেগী ছুইফট৷
বাক্সাৰ বৰমা-নিকাছি সংযোগী নৱনিৰ্মিত পথৰ কালভাৰ্টৰ গাঁতত সোমাল চাৰিচকীয়া বাহন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন।
দুৰ্ঘটনাত আহত চালক সহ বাহনখনত থকা তিনি গৰাকী যাত্ৰীক সংকটজনক অৱস্থাত ৰাইজে মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ গুৰুত্বৰ ভাৱে আহত তিনি গৰাকী যুৱক ক্ৰমে ফুঞ্চন বড়ো, ৰন্টু বড়ো আৰু কনক বড়ো সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন ৷ নৱনিৰ্মিত পথটোৰ ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবে এই পথটোত মৰণফাণ্ডৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে(Road accident in Mushalpur) ৷
উল্লেখ্যে যে পথটোৰ চাৰি ঠাইত কালভাৰ্ট সম্পূৰ্ণ ৰূপে নিৰ্মাণ নোহোৱাৰ বাবে প্ৰকাণ্ড গাঁতত পৰি পূৰ্বে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ পথটোত কালভাৰ্ট নিৰ্মাণ কৰি থকাৰ কোনো সংকেত পথত আৰি দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই যাৰ বাবে নিশা হ’লে সঘনাই এটাৰ পিচত আন এটা দুৰ্ঘটনা সংঘটিত হৈছে বৰমা-নিকাছি সংযোগী পথত ৷ ঠিকাদাৰৰ হেমাহিৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে কাৰণ পথত দিয়া নাই কোনো ধৰনৰ ৰিফ্লেকটিং লাইট ৷ ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হৈ ক্ষোভিত ৰাইজক নিয়ন্ত্ৰণ কৰে ৷ আঙুলি উঠিছে পথ নিৰ্মাণকাৰী সংস্থা ANPL লৈ। এতিয়া ঠিকাদাৰে পথৰ মৰনফাণ্ড কেতিয়া দূৰ কৰিবলৈ সক্ষম হ’ব সেয়াহে হ’ব পৰৱৰ্তী সময়ত লক্ষনীয়৷
লগতে পঢ়ক :MLA Bhabesh kalita:ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সৱাহ মহোৎসৱৰ কাম কাজৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই