Road Accident In Dudhnoi : পিকআপ ভান আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন, আহত শিশুসহ ১০গৰাকী

নিউজ ডেস্ক,৫অক্টোবৰ : এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত এজন, আহত শিশুসহ ১০গৰাকী ।
দুধনৈত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে দুধনৈত পিকআপ ভান আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ। দুধনৈৰ লেলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী, গুৰুতৰভাৱে আহত শিশুসহ ১০ গৰাকীকৈ লোক। আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Road Accident In Dudhnoi)।
জানিব পৰা মতে, পিপৰাঝাৰৰ বাসিন্দা দুৰ্ঘটনাত আহত-নিহত আটাইকেইগৰাকী।