Chandra Mohan Patowary visits the residence of the deceased forest worker :ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত নিহত হোৱা ধনমণি ডেকাৰ ঘৰত উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ছিপাঝাৰ,৫অক্টোবৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত নিহত হোৱা ধনমণি ডেকাৰ ঘৰত উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। শুক্ৰবাৰে আবেলি ধনমণি ডেকাৰ ছিপাঝাৰৰ নগাঁও -হাতীমাৰাৰ পিতৃগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী গৰাকী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। চৰকাৰ তথা বন বিভাগৰ ফালৰ পৰা আৰ্থিক সাহায্য আৰু ধনমণিৰ নৱ বিবাহিতা পত্নীক সংস্থাপনৰ নামত এটি চাকৰিৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে(Chandra Mohan Patowary visits the residence of the deceased forest worker)।
মন্ত্ৰীগৰাকী উপস্থিত হৈ এখন ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে পৰিয়ালটোক । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়,”ওৰাঙত মাটিকালিৰ হিচাপত বাঘৰ সংখ্যা বেছি হৈছে । সেইকাৰণে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে । তাৰ বাবে আমি এজন সুদক্ষ বনকৰ্মী হেৰুৱালো । আমাৰ সুৰক্ষাকৰ্মীও পৰ্যাপ্ত আছে । ওৰাঙত বাঘ বেছি হোৱাৰ বাবে ধিঙত ওলোৱা বাঘটোও ইয়াৰ পৰাই গৈছিল । বাঘৰ স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা চলি আছে।”
উল্লেখ্য যে, ২৮ ছেপ্টেম্বৰত ধনমণি ডেকাৰ মৃত্যুৰ এমাহ পিছতো মন্ত্ৰীগৰাকী উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছিল ধনমণিৰ পত্নীকে আদি কৰি পৰিয়াল তথা স্থানীয় লোকে । এমাহ পূৰ্বে বিধানসভাৰ অধিৱেশন চলি থকা বাবে আৰু অন্য কিছু ব্যস্ততাৰ বাবে আহিব পৰি নাছিল বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । অধিৱেশন শেষ হ’লেই ধনমণি ডেকাৰ ঘৰলৈ আহিব বুলি বিধানসভাতে উল্লেখ কৰিছিল মন্ত্ৰী পাটোৱাৰীয়ে । অৱশেষত শুকুৰবাৰে উপস্থিত হৈ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :Thief terro in Jamugurihat : জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস