WATCH | Road Accident : চাপৰৰ ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ,৮মে’ : চাপৰৰ ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
ধুবুৰী অভিমুখী এখন যাত্ৰীবাহী চাৰিচকীয়া বাহন দুৰ্ঘটনাত পতিত হয়।
কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীৰ।
বঙাইগাঁওৰ পৰা পিতা পুত্ৰয় গোলগঞ্জৰ নিজ গৃহলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়(Road Accident)।
জানিব পৰা মতে, অভাৰটেক কৰিবলৈ লওঁতে সন্মূখৰ পৰা অহা এখন মালবাহী গাড়ীয়ে খুন্দিয়াই পলায়ন কৰে।
দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ হৈছে AS-17-J-9822।
পিতা পুত্ৰয় সামান্য আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসাৰ বাবে যান বাহন আৰক্ষীয়ে চাপৰ চিকিৎসালয়ত লৈ যায়।
লগতে পঢ়ক : WATCH | Food poisoning case in Sipajar : শিৱ মন্দিৰৰ এক সভাত প্ৰসাদ খাই অসুস্থ ৪০ গৰাকী পুৰুষ-মহিলা