WATCH | Food poisoning case in Sipajar : শিৱ মন্দিৰৰ এক সভাত প্ৰসাদ খাই অসুস্থ ৪০ গৰাকী পুৰুষ-মহিলা

ছিপাঝাৰ,৮মে’ : ছিপাঝাৰৰ নায়কপাৰাত খাদ্যত বিষক্ৰিয়া।
বুধবাৰে সন্ধিয়া শিৱ মন্দিৰৰ এক সভাত প্ৰসাদ খাই অসুস্থ হয় লোককেইগৰাকী।
অসুস্থ হৈ পৰে প্ৰায় ৪০ গৰাকী পুৰুষ-মহিলা।
চিকিৎসালয়ত ভৰ্তি ২১ গৰাকী অসুস্থ হৈ পৰা লোক।
ছিপাঝাৰ প্ৰাথমিক আৰু সামুহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন এইসকল লোক(Food poisoning case in Sipajar)।
স্বাস্থ্যকৰ্মীসকলে তেঁওলোকক সুস্থ কৰিবলৈ চেষ্টা চলায় থকাৰ লগতে ঘৰলৈ গৈয়ো চিকিৎসা আগবঢ়াইছে।
খাদ্যৰ বিষক্ৰিয়াত ভোগা লোকসকল হ’ল ক্ৰমে — জিন্তু শৰ্মা (২৫),ত্ৰিদিৱ শৰ্মা( ৩৫),নিজৰা দেৱী (৪৮),মৰমী দেৱী (২৭),ধ্যানজ্যোতি গৌতম( ১৩),ৰুমা দেৱী( ৪৫),
সত্য শৰ্মা ( ৫৮),জুবলী শৰ্মা (১৪),দামোদৰ শৰ্মা (৪৬),দেৱেন শৰ্মা (৭৮),ৰুমী দেৱী (৩৪),দিক্ষিতা শৰ্মা (১৪),মিতুমণি শৰ্মা( ২৭),নীলকান্ত শমা (৬৫)অলকা দেৱী (৪৫),দ্বিজেন শৰ্মা( ৪৫),ৰেৱতী দেৱী( ৬০),উপাসনা দেৱী( ৯),মৃশাংক শৰ্মা (৩৫),নমিতা দেৱী( ৪০),ৰিতুল ভৰদ্বাজ( ৩১),প্ৰবোধ শৰ্মা( ৭২) আৰু প্ৰণিতা দেৱী (৫২)।
লগতে পঢ়ক : WATCH | Sonari News : বৰাহী এম ই স্কুলত নাই প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা