Daily Horoscope for 9th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ শুভ । ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ।
বৃষ ৰাশি : আপোনাৰ আজি প্ৰায় ভাল হʼব । খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্ক মনোযোগ দিব । অশান্তিৰ কাৰণ দূৰ হʼব ।
মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । প্ৰশংসা লাভ হʼব । কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব ।
কৰ্কট ৰাশি : আজি জীৱনৰ গুৰুত্বপূৰ্ণ দিন । আজি আপোনাৰ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ।
সিংহ ৰাশি : আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব । ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । তেওঁলোকৰ পৰা বহুত সাহায্য পাব । প্ৰত্যেক সম্পৰ্কৰ আবেগিক গভীৰতা আপুনি উপলব্ধি কৰিব ।
কন্যা ৰাশি : আজি আপোনাৰ সক্ৰিয় দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব । প্ৰশংসা লাভ হʼব । আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত আৰু প্ৰেম সম্পর্ক মনোযোগ দিব ।
তুলা ৰাশি : আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে, যাৰবাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে ।
বৃশ্চিক ৰাশি : যুৱক-যুৱতীৰ লগত ভাল দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । আপোনাৰ প্ৰায় ভাল, আনন্দময় দিন হʼব।আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ।
ধনু ৰাশি : আজি দিনটো আপোনাৰ টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা খৰচ সাৱধানে কৰিব । পইচা জমা কৰক । আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ।কর্ম-ব্যৱসায়ত ভাল, লক্ষ্য সফল হʼব ।
মকৰ ৰাশি : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব ।
কুম্ভ ৰাশি : এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক, অন্যথা আপুনি দূৰ্বল আৰু কম কাৰ্যক্ষম অনুভব কৰিব, যাৰ ফল আপুনি মানসিকভাবে উপলব্ধি কৰিব ৷খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহুদিনৰ পৰা প্ৰতীক্ষা কৰি থকা খবৰ আহিব পাৰে ৷
মীন ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ।