Local, Vocal, Global

Road Accident : অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী : ভয়ংকৰ দুৰ্ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী(Road Accident) ।

শনিবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । শনিবাৰে নিশা কাকপথাৰত পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।নিহত লোকজনক ত্ৰিবোদ কোঁৱৰ (৫০) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নিহত ত্ৰিবোদ কোঁৱৰৰ ঘৰ ডুমডুমাত। দুৰ্ঘটনাৰ সময়ত স্কুটিৰে গৈ আছিল তেওঁ। সেই সময়তে এখন অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মাৰে স্কুটিখনত। ফলত নিহত হয় ত্ৰিবোদ কোঁৱৰৰ(Tragic Road Accident)।

লগতে পঢ়ক : Tragic Road Accident in Boko : মৰ্মান্তিক দুৰ্ঘটনা; নিহত দুই ছাত্ৰ