Local, Vocal, Global

Drugs Peddler Arrested : হাইলাকান্দিত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী

জানিব পৰা মতে, আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় ৬২ গ্ৰাম ড্ৰাগছসহ তিনি সৰবৰাহকাৰী। আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে সাইদুৰ ৰহমান মজুমদাৰ,সিৰাজ উদ্দিন লস্কৰ আৰু মিটুন আৰ্চায্য।লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰে এ এছ ২৪ ডি ৫২৮৬ নম্বৰৰ এখন চাৰি চকীয়া বাহন।

উল্লেখ্য যে, হাইলাকান্দি জিলাৰ কাটলিছেৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিংত সময়ত AS 24 D 5286 নম্বৰৰ মিজোৰামৰ পৰা অহা গাড়ি খনত তালাচি চলাই লালা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ৫ টা চাবোনৰ বাকচ উদ্ধাৰ কৰিছে লগতে গাড়িৰ পৰা তিনিজন লোকক ও আটক কৰিবলৈ সক্ষম হৈছে। জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য ৪০ লাখ টকা হ’ব বুলি লালা আৰক্ষীয়ে অনুমান কৰিছে । বৰ্তমানে এই ড্ৰাগছ ব্যৱসায়ী তিনিজনক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Assam Police injured in drug mafia attack : ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত আৰক্ষী !