Local, Vocal, Global

93th Srimanta Sankardeva Sangha Convention : আজি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ অন্তিম দিন

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্য বাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আজি অন্তিম দিন। আজি অন্তিমটো দিনটোত জনসমুদ্ৰত পৰিণত হৈছে ৰঙিয়াৰ হাতীখলা পথাৰ(93th Srimanta Sankardeva Sangha Convention) ।

আজিৰ দিনযোৰা কাৰ্যসূচীৰ বাবে ইতিমধ্যে পুৱাৰে পৰা লোকেলোকাৰণ্য হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ।

জানিব পৰা মতে, আজি অন্তিম দিনটোত অনুষ্ঠিত হ’ব ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সামূহিক প্ৰাৰ্থনা, সাংস্কৃতিক সমাৰোহ আদি বিভিন্ন কাৰ্যসূচী। সেই অনুসৰি সংঘৰ সেৱা বাহিনীৰ সেৱক, সেৱিকাসকলে অধিৱেশনস্থলীত এক মানৱ শৃংখল গঢ়ি তুলিছে।এই মানৱ শৃংখলৰ মাজেৰে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাক ধৰ্মধ্বজা উত্তোলনস্থলীলৈ আদৰি আনিব। ধৰ্মধ্বজা উত্তোলনৰ পাছতে পুনৰ তেওঁ এই মানৱ শৃংখলৰ মাজেৰেই আগুৱাই যাব অধিৱেশনস্থলীত নিৰ্মাণ কৰা অস্থায়ী নামঘৰলৈ( 93th Srimanta Sankardeva Sangha Convention in Rangia)।

এই নামঘৰৰ পৰা তেওঁ ভাগৱত মূৰত তুলি বাহিৰলৈ অনাৰ পাছতে আৰম্ভ হ’ব ৰঙিয়াত ভাগৱত শোভাযাত্ৰা। বৰ্ণাঢ্য এই ভাগৱত শোভাযাত্ৰাৰ সমান্তৰালকৈ থাকিব সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰেও ৰঙিয়াৰ স্থানীয় বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিয়েও অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হ’ব মুকলি সভা। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াকে প্ৰমুখ্যে কৰি আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছত ক্ৰমে পতাকা অৱনমন, সমূহীয়া প্ৰাৰ্থনা, বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ আদি।

লগতে পঢ়ক : 93th Srimanta Sankardeva Sangha Convention : আজি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ দ্বিতীয়টো দিন