Local, Vocal, Global

ৰিভাৰাইন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত আৰক্ষীচকী স্হাপনত বিৰোধিতা ৰাইজৰ

ডিজিটেল ডেস্ক:- জেঙ্গনী-কলাডোবা ৰিভাৰাইন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত আৰক্ষীচকী বহুৱাৰ বিৰোধিতা ৰাইজৰ ।

ধিং সমষ্টিৰ এইখন নৈপৰীয়া হস্পিতাল চৌহদত এখন আৰক্ষীচকী বহাবলৈ বিভাগে প্ৰস্তুতি চলোৱা বুলি জানিব পাৰিছে এইসকল লোকে ।

কিন্তু তাৰ পাছতেই স্থানীয় একাংশ লোকে এই স্থানত আৰক্ষীচকী নিদি অন্য ঠাইত দিবলৈ দাবী জনায় চৰকাৰক ।

ৰাইজৰ দাবী, হস্পিতাল চৌহদত আৰক্ষীচকী স্থাপন হলে চিকিৎসাসেৱাত ৰাইজৰ লগতে চিকিৎসাকৰ্মী সকল বহু অসুবিধাৰ সন্মুখীন হব ।

সেয়েহে ৰাইজৰ এটাই দাবী, আৰক্ষীচকীখন হস্পিতাল চৌহদত নিদি অন্য এটা স্থানত যাতে স্থাপন কৰে ।