কাইলৈ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPLমেচ

ডিজিটেল ডেস্ক:- ৫ এপ্ৰিল অৰ্থাৎ কাইলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব IPLমেচ।দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথমখন মেচৰ বাবে ইতিমধ্যে সোমবাৰে উপস্থিত হৈছে পাঞ্জাৱ কিংছৱ আৰু ৰাজস্থান ৰয়েছল।গুৱাহাটী বৰঝৰ বিমান বন্দৰ পৰা পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ ৰাওনা হয় দুয়োটা দল। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব IPLমেচ।এইবাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখকৈ খেল। প্ৰথমখন মেচ ৫ এপ্ৰিলত হোৱাৰ বিপৰীতে দ্বিতীয় খন অনুষ্ঠিত হ’ব। ৮ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছ। ইয়াৰ পূৰ্বেও ৰাজস্থান ৰয়েলছে গুৱাহাটীত IPLমেচ খেলাৰ পৰিকল্পনা কৰিছিল যদিও কোভিড-১৯ ৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল ।ইতিমধ্যে সাজু হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম।মহানগৰীৰ বিভিন্ন স্থানত খেলুৱৈৰ হৰ্ডিং লগোৱা হৈছে।আজি দুয়োটা দলে অনুশীলন কৰিব। কাইলৈ অনুষ্ঠিত হ’ব IPLমেচ খন সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।