Local, Vocal, Global

দৰঙৰ স্বাস্থ্য বিভাগৰ নামত ভুৱা বিকালঙ্গৰ প্ৰমাণ পত্ৰ

ডিজিটেল ডেস্ক:- দৰঙৰ স্বাস্থ্য বিভাগৰ নামত ভুৱা বিকলংগ প্ৰমাণ পত্ৰ। বিকালঙ্গৰ প্ৰমাণ পত্ৰ খন ভুৱা বুলি প্ৰমাণ কৰিলে খোদ জিলা স্বাস্থ্য বিভাগে। ডাঃ কৌষ্ঠভ চহৰীয়াৰ চহী জাল কৰি উলিয়াইছিল এখন বিকলাংগ প্ৰমাণ পত্ৰ।

এই প্ৰমাণ পত্ৰৰ জৰিয়তে টেটৰ শিক্ষক হব বিচাৰিছিল হানিফুদ্দিন আহমেদ নামৰ দলগাঁৱৰ গদায়ঝাৰৰ এজন এজন যুৱকে। কিন্তু বিধিৰ বিপাক। টেট শিক্ষক হোৱাৰ আগতে জিলা পৰ্য্যায়ৰ চিকিৎসকৰ এখন সমিতিয়ে বিকলাঙ্গৰ প্ৰমান পত্ৰ পৰীক্ষা কৰি থাকোতেই ধৰা পৰে হানিফুদ্দিনৰ ভুৱা প্ৰমাণ প্ৰত্ৰৰ এই ভয়ংকৰ তথ্য। কিছুদিন পুৰ্বে এটি পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হানিফুদ্দিনৰ মাত্ৰ পাঁচ শতাংশ শৰীৰৰ অংগ ক্ষত হোৱাত 50% বিকলাঙ্গৰ প্ৰমাণ পত্ৰ ভুৱা চহীৰে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। ডাঃ কৌষ্ঠভ চহৰীয়াই জনোৱা মতে প্ৰমাণ পত্ৰত থকা চহী তেখেতৰ নহয়।

আনহাতে হানিফুদ্দীনে স্বীকাৰ কৰে যে আব্দুল মালেক আৰু আব্দুল ৰহম নামৰ দুজন লোকে 23 হাজাৰ টকাৰ বিনিময়ত এই প্ৰমাণ পত্ৰ বনাই দিছিল তেখেতক। জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
লগতে এটি গোচৰ ৰুজু কৰা হব বুলিও প্ৰকাশ কৰে।
এতিয়া প্ৰশ্ন হৈছে দৰং তথা অসমত এনে কিমান ভুৱা বিকলাঙ্গৰ প্ৰমাণ পত্ৰ লৈ ফুৰা লোক আছে তাৰ হিচাব ওলাব নে!
এই ক্ষেত্ৰত তদন্তৰ প্ৰয়োজন আহি পৰিছে।
উল্লেখযোগ্য যে এই তথ্য পোহৰলৈ অহাত হানিফুদ্দিন চেক বুজি সেই স্থানৰ পৰা পলায়ন কৰে।