Local, Vocal, Global

কংগ্ৰেছ ত্যাগ ৰিপুন বৰাৰ, যোগদান কৰিলে তৃণমূল কংগ্ৰেছত

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ কংগ্ৰেছ ত্যাগ কৰিলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাই।
কংগ্ৰেছ হাই কামাণ্ড ছোনিয়া গান্ধীলৈ দল ত্যাগ কৰি প্ৰেৰণ কৰিছে পত্ৰ।

ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ কৰিছে বৰাই। পদত্যাগ পত্ৰত দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰিলে বৰাই।

অসম প্ৰদেশ কংগ্ৰেছৰ দলীয় নেতৃত্বই বিজেপিৰ লগত গোপন সম্পৰ্ক ৰক্ষাৰ অভিযোগ ৰিপুন বৰাৰ। বিগত দুটা দিন ধৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ বিষয়ে চৰ্চা চলি আছিল।


শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুন বৰা পৰাস্ত হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বাৰই আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

ৰিপুন বৰাই দেওবাৰে পুৱাই কলকাতা ভ্ৰমণ কৰে। কলকাতাত তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ উপস্থিতত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৰিপুন বৰাই।

ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সময়ত অসমৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱো উপস্থিত আছিল।