দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত ৭ জন লোক আহত, ১৫ জনক আটক

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ শনিবাৰে দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা (Religious Procession)ত হোৱা হিংসাত্মক ঘটনাত ৭ জন লোক আহত হয়।
দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তী (Hanuman Jayanti)ৰ শোভাযাত্ৰাত হিংসাৰ ঘটনাত এতিয়ালৈকে ১৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষী (Delhi Police)য়ে।
দিল্লী আৰক্ষীৰ উত্তৰ-পশ্চিম মণ্ডলৰ ডিচিপি উষা ৰংনানিয়ে এই কথা সদৰী কৰে। ডি চি পি ঊষা ৰংনানিয়ে জানিবলৈ দিয়ে যে গুলীচালনা কৰা এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। গুলীচালনাত ব্যৱহৃত পিষ্টলটোও অপৰাধীজনৰ পৰা উদ্ধাৰ কৰা হৈছে।
এজাহাৰৰ মতে, শোভাযাত্ৰা শান্তিপূৰ্ণভাৱে চলি আছিল, যেতিয়া শোভাযাত্ৰা চি-ব্লকৰ মছজিদৰ ওচৰত উপস্থিত হৈছিল, এজন ব্যক্তিয়ে তেওঁৰ ৪-৫ জন লোকৰ সৈতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলৰ সৈতে তৰ্ক আৰম্ভ কৰিছিল। ইয়াৰ পিছতে দুয়োপক্ষই শিল নিক্ষেপ কৰা আৰম্ভ হয়।
ইফালে, ধৰ্মীয় শোভাযাত্ৰাৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীয়ে দুয়োটা গোটক পৃথক কৰিছিল যদিও কিছু সময়ৰ পিছতে দুয়োপক্ষৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হয়। হনুমান জয়ন্তী উপলক্ষে শিলগুটি নিক্ষেপ কৰি সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল বুলি এজাহাৰত অভিযোগ দাখিল কৰা হৈছে।