Local, Vocal, Global

অসম চৰকাৰে কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰ প্ৰতিহত কৰিবলৈ বিশেষ টাস্ক ফ’ৰ্চ শক্তিশালী কৰাৰ সিদ্ধান্ত

অসম চৰকাৰে কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰ প্ৰতিহত কৰিবলৈ বিশেষ টাস্ক ফ’ৰ্চ শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে  বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকৰ পিছত অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই কয়।মুখ্যমন্ত্ৰী শৰ্মাই কাজিৰঙাত গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত বানপানীৰ প্ৰস্তুতিৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ পৰ্যালোচনা কৰে।মন্ত্ৰী অতুল বৰা, কেশব মহন্ত, অজন্তা নেওগ, পৰিমল শুক্লবদ্য, বিধানসভাৰ উপাধ্যক্ষ ড০ নুমল মোমিনৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকখনত টাস্ক ফ’ৰ্চৰ বাবে অতিৰিক্তভাৱে এএছপি আৰু ডিএছপি নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়।
“টাস্ক ফ’ৰ্চশক্তিশালী কৰাৰ বাবে অতিৰিক্তভাৱে এএছপি আৰু ডিএছপি নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে,” মহন্তই কয়।
আনহাতে, চৰকাৰে বন কৰ্মচাৰীসকলৰ বাবে ৰেচনৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।
“ৰাজ্যখনৰ বনকৰ্মীসকলে মাহিলী ৮৩০ টকাৰে ৰেচন লাভ কৰিছিল।