Local, Vocal, Global

ৰিয়াৰ জামিনক প্ৰত্যাহ্বান নার্কটিক্ছ কন্ট্ৰ’ল ব্যুৰোৰ

যোৱা বছৰ অক্টোবৰত বোম্বে উচ্চ ন্যায়ালয়ে সুশান্ত সিং ৰাজপুত হত্যা গোচৰত অভিনেত্ৰী ৰিয়া চক্ৰৱর্তীক প্ৰদান কৰা জামিনক প্ৰত্যাহ্বান জনাইছে NCB-এ। গোচৰটো সন্দর্ভত বৃহস্পতিবাৰে শুনানি অনুষ্ঠিত হ’ব আদালতত। অভিনেতা প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ হত্যা আৰু ড্ৰাগ্ছ সম্পর্কীয় গোচৰত ৰিয়া গ্ৰেপ্তাৰ হৈছিল। অৱশ্যে গ্ৰেপ্তাৰ হোৱা প্ৰায় এমাহ পিছত তেওঁক জামিন দিয়া হৈছিল। আদালতৰ অনুমতি অবিহনে দেশ এৰি নাযাবলৈ তেওঁৰ জামিনৰ নির্দেশত আদালতে উল্লেখ কৰিছিল।