Local, Vocal, Global

বিজেপি শাসনৰ পূর্বে উত্তৰ পূবক কেন্দ্ৰই অৱহেলা কৰিছিল । কিয় এই মন্তব্য ৰাজনাথ সিঙৰ ?

আগন্তুক বিধান সভা নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যেৰে দিল্লীৰ বহু নেতাই অসমলৈ তাঁতবাতি কৰা পৰিলক্ষিত হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিও বিশ্বনাথ, গহপুৰ আৰু দেৰগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ চলাই । প্ৰচাৰ সভাতেই সিঙে অসম তথা উত্তৰ-পূব সন্দৰ্ভত কেইটামান বিশেষ মন্তব্য কৰে । মন্তব্যত মন্ত্ৰীজনে প্ৰকাশ কৰে যে- “কেন্দ্ৰত বিজেপি চৰকাৰৰ পূৰ্বৰ চৰকাৰ সমূহে উত্তৰ-পূবক অৱহেলা কৰি আহিছিল । উত্তৰ- পূবৰ কোনো নেতা-মন্ত্ৰী দিল্লীলৈ গ’লে তেওঁলোকক কেন্দ্ৰই আওকান কৰিছিল । কিন্তু বিজেপিৰ শাসনৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ- পূব ভ্ৰমণে পূৰ্বৰ সেই অৱহেলা নাইকিয়া কৰি এক মধুৰ সম্পৰ্ক স্থাপন কৰা বুলি সিঙে উল্লেখ কৰে । তাৰোপৰি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বীৰ লাচিত বৰফুকন, সুধাকন্ঠ ভূপেন হাজৰিকাৰ লগতে মুক্তি যোদ্ধা কনকলতাৰ অৱদানৰ প্ৰসংগও উত্থাপন কৰে ।