Local, Vocal, Global

RG Kar Rape Murder Case:আজি ঘোষণা হ’ব দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ তৰুণী চিকিৎসকৰ ধৰ্ষণকাণ্ডৰ দোষীৰ শাস্তিৰ ৰায়

নিউজ ডেস্ক,২০জানুৱাৰী : আজি ঘোষণা হ’ব দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ তৰুণী চিকিৎসকৰ ধৰ্ষণকাণ্ডৰ দোষীৰ শাস্তিৰ ৰায়। যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড হ’ব পাৰে সঞ্জয় ৰায়ৰ শাস্তি। শিয়ালদহৰ আদালতে ঘোষণা কৰিব শাস্তি। ১৮ জানুৱাৰীত আদালতে দোষী সাব্যস্ত কৰিছিল সঞ্জয় ৰায়ক। শাস্তিৰ ৰায় সংৰক্ষণ ৰাখিছিল শিয়ালদহৰ আদালতে।

আদালতে সঞ্জয় ৰয়ক ভাৰতীয় ন্যায় সংহিতাৰ ৬৪, ৬৬ আৰু ১০৩/১ ধাৰাত দোষী সাব্যস্ত কৰে। ইয়াৰে ৬৬ আৰু ১০৩/১ ধাৰা দুটাত মৃত্যুদণ্ডৰ বিধান থকাৰ বিপৰীতে ধাৰা ৬৪ত যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান দিয়া হৈছে। ইয়ালৈ চাই সঞ্জয় ৰয়ৰ শাস্তি মৃত্যুদণ্ড হ’ব বুলিয়েই অনুমান কৰিছে আইন বিশেষজ্ঞসকলে(RG Kar Rape Murder Case)।

আজি দিনৰ ১২ বাজি ৩০ মিনিটত আদালতে ঘোষণা কৰিব শাস্তিৰ পৰিমাণ। একে সময়তে সঞ্জয় ৰয়ৰ ভাষ্যও শুনিব আদালতে। শুকুৰবাৰে চূড়ান্ত ৰায়দানৰ সময়ত নিজকে নিৰ্দোষী বুলি দাবী কৰি সমগ্ৰ ঘটনাত এজন IPS বিষয়া জড়িত থকাৰ অভিযোগ কৰিছিল অভিযুক্ত সঞ্জয় ৰয়ে। ঘটনাৰ মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত আছে বুলি অভিযোগ কৰিছিল হত্যাকাৰী সঞ্জয়ে।

লগতে পঢ়ক :Sensational incident: আকাশ চৌধুৰীৰ মৃত্যু সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ