Revanth Reddy to take oath as Telangana CM today : আজি তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে

নিউড ডেস্ক, ৭ ডিচেম্বৰ : আজি মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে । আজি দুপৰীয়া ১.০৪ বজাত তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে । হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ৷ হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত শপত গ্ৰহণ কৰিব ৰেৱন্ত ৰেড্ডীয়ে(Revanth Reddy to take oath as Telangana CM today)।
হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে উপস্থিত থাকিব কংগ্ৰেছৰ বহুটো শীৰ্ষ নেতা (Sonia Gandhi to attend Telangana CM swearing ceremony) ।
এই শপত গ্ৰহণ অনুষ্ঠানত ৰেৱন্ত ৰেড্ডীৰ সৈতে আন ৯ জন মন্ত্ৰীয়ে শপত লোৱাৰো সম্ভাৱনা আছে । ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজনে ৰেৱন্ত ৰেড্ডী আৰু মন্ত্ৰীসকলক পদবী আৰু গোপনীয়তাৰ বাবে শপত গ্ৰহণ কৰোৱাব(Oath-Taking at 1 PM, Bhatti Vikramarka Likely to Swear in as Dy CM) ।
শপত গ্ৰহণৰ পূৰ্বে বুধবাৰে দিল্লীত খাৰ্গে আৰু গান্ধী পৰিয়ালক সাক্ষাৎ কৰে ৰেড্ডীয়ে (Sonia Gandhi to attend Revanth Reddy’s swearing in ceremony in Hyderabad)।