Local, Vocal, Global

Restrictions imposed for Indian Army : সেনাত নিয়োজিত জোৱান সকলে অন ডিউটিত কৰিব নোৱাৰিব এইসমূহ কাম;অন ডিউটিত কিছু কাম কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি

নিউজ ডেস্ক,১০জুলাই : সেনাত নিয়োজিত জোৱান সকলে অন ডিউটিত কৰিব নোৱাৰিব এইসমূহ কাম । অন ডিউটিত কিছু কাম কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই ক্ষেত্ৰত ডিফেন্স ছাভিচেছ ৰেগুলেশ্যন আৰু আৰ্মী ড্ৰেছ ৰেগুলেশ্যনত জাৰি কৰিছে কিছুমান নিৰ্দেশনা(Restrictions imposed for Indian Army) ।

ডিফেন্স ছাভিচেছ ৰেগুলেশ্যন আৰু আৰ্মী ড্ৰেছ ৰেগুলেশ্যনত উল্লেখিত কিছু নিৰ্দেশ অনুসৰি, ভাৰতীয় সেনা জোৱানে যেতিয়া সেনাৰ পোছাক পৰিধান কৰে তেতিয়া তেওঁলোকে সেই পোছাকত কোনো অন্য আভূষণ বা অন্য ধৰ্মীয় চিহ্ন লগাব নোৱাৰে।

সেনাৰ পোছাক পৰিধান কৰোতে এগৰাকী জোৱানে কেৱল এটা আঙুঠিহে পৰিধান কৰিব পাৰে।

আনকি এই ৰেগুলেশ্যনত উল্লেখ আছে, অইন লোকে দেখাকৈ চেইন নাইবা ঘড়ীও তেওঁলোকে পৰিধান কৰিব নোৱাৰে।

ইফালে মহিলা জোৱানসকলৰ ক্ষেত্ৰতো আছে বিশেষ কিছু নিয়ম।

নিয়ম অনুসৰি, বিবাহিত মহিলা সেনা জোৱানে মংগলসূত্ৰ পৰিধান কৰিব পাৰে যদিও, সেই মংগলসূত্ৰ বেলেগে যাতে নেদেখে তাৰ প্ৰতি সৰ্তক থাকিব লাগে। জোৱানৰ পোছাক পিন্ধি থকা সময়ত মহিলাগৰাকীয়ে লিপষ্টিক, ৰং-বিৰং নেইল পলিচ আৰু ফুট লব নোৱাৰিব। শিৰত সেন্দুৰো এনেভাৱে লব লাগিব যাতে, সেনাৰ টুপি পিন্ধাৰ পাছত সেই সেন্দুৰ অইন লোকে যাতে নেদেখে।

কোনো মহিলা জোৱানে মেকআপ কৰিব নোৱাৰে বুলিও স্পষ্টভাৱে উল্লেখ আছে ড্ৰেছ ৰেগুলেশ্যনত। অন ডিউটিত মহিলা সেনা জোৱানৰ হাতত মেহেন্দী জাতীয় একোৱেই থাকিব নালাগিব। অৱশ্যে বিয়াত পিন্ধা এটা আঙুঠি পৰিধান কৰিব পাৰিব অন ডিউটিৰ সময়ত।

মহিলা সেনা জোৱানে নাকফুলি পিন্ধিব পাৰিব, কিন্তু অন ডিউটিত নহয়। পুৰুষ-মহিলা উভয় সেনা জোৱানে কেতিয়াও সুগন্ধিমূলক দ্ৰব্য অথবা পাৰফিউম ব্যৱহাৰ কৰিব নোৱাৰিব। নিৰাপত্তাজনিত কাৰনতে সেনা জোৱানসকলৰ প্ৰতি এই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে(Restrictions imposed for Indian Army)।

লগতে পঢ়ক : Unidentified Body Found in Murazar : মোৰাঝাৰৰ যমুনা নৈৰ ত্ৰিগংগাত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহ