Local, Vocal, Global

Delhi Liquor Scam : ইডিৰ ৩৮ জন অপৰাধীৰ বিৰুদ্ধে ছাৰ্জশ্বীট দাখিল

নিউজ ডেস্ক, ১০ জুলাই : দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ইডিৰ ছাৰ্জশ্বীটত ভয়ংকৰ তথ্য। দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত ইডিয়ে ৩৮ জন অপৰাধীৰ বিৰুদ্ধে ছাৰ্জশ্বীট দাখিল কৰিছে। ইডিৰ অভিযোগনামাত অৰবিন্দ কেজৰিৱালক ৩৭ নম্বৰত অভিযুক্ত কৰাৰ বিপৰীতে আম আদমি পাৰ্টিৰ মুঠ ৩৮ জনক অভিযুক্ত কৰা হৈছে। ২৩২ পৃষ্ঠাৰ এই ছাৰ্জশ্বীটত ইডিয়ে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। ছাৰ্জশ্বীটত উল্লেখ কৰা মতে, সুৰা ব্যৱসায়ীসকলৰ সৈতে গোপন বুজাবুজিৰ জৰিয়তে দলীয় নেতাসকলে নিজৰ পক্ষত নীতি নিৰ্ধাৰণ কৰি লাভৱান হৈছে। ইডিৰ ছাৰ্জশ্বীট অনুসৰি, নতুন সুৰা নীতিৰ আঁৰত থকা মুখ্যমন্ত্ৰী কেজৰিৱাল, মনিষ চিছ’দিয়া আৰু আপৰ আন নেতাসকলৰ মূল উদ্দেশ্য আছিল উৎকোচৰ জৰিয়তে তেওলোকৰ লবীক উপকৃত কৰা। তদন্তৰ আধাৰত বিজয় নায়ৰৰ ভূমিকা উল্লেখ কৰি ছাৰ্জশ্বীটত উল্লেখ আছে যে, বিজয় নায়ৰে আপৰ কোনো পদত অধিষ্ঠিত নাছিল। তেওঁ কেৱল আম আদমি পাৰ্টিৰ নেতাৰ মধ্যভোগী বা দালাল হিচাপে আছিল। তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ আছিল। ইডিৰ ছাৰ্জশ্বীটত উল্লেখ কৰা অনুসৰি বিজয় নায়াৰৰ কাম আছিল সুৰা ব্যৱসায়ীসকলৰ সৈতে গোপন বুজাবুজি কৰি এনে এক নীতি প্ৰস্তুত কৰা যাৰ দ্বাৰা আপৰ নেতাসকলৰ ঘোচ লোৱাৰ বাট মুকলি হয়।

২০২২ চনৰ ১৭ নৱেম্বৰত দিয়া বিবৃতিত নায়াৰে কয় যে তেওঁ ২০২১ চনৰ মাৰ্চ মাহৰ পৰা নতুন সুৰা নীতি সন্দৰ্ভত সুৰা ব্যৱসায়ীসকলৰ সৈতে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আহিছিল। তেওঁৰ বিজ্ঞাপন কোম্পানীটোৰ কাম আছিল দিল্লী চৰকাৰৰ বাবে পি আৰ কৰা । ১৮ নৱেম্বৰত ইডিৰ জেৰাৰ সময়ত নায়ৰে কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ চৰকাৰী বাংলোত থাকে। এই বাংলোটো দিল্লী চৰকাৰৰ মন্ত্ৰী কৈলাশ গেহলটক আবণ্টন দিয়া হৈছিল। উল্লেখ্য যে, দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অভিযোগত আপৰ কেইবাগৰাকী নেতা এতিয়াও জেলত আছে। বিগত মাৰ্চ মাহৰ পৰা তিহাৰ জেলত আছে অৰবিন্দ কেজৰিৱাল। (ED Files Fresh Chargesheet Against Delhi CM Arvind Kejriwal)

কেইবাবাৰো জামিন আবেদন দাখিল কৰাৰ পাছতো জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই কেজৰিৱাল। ইডিৰ গোচৰত জামিন লাভৰ পথ প্ৰশস্ত হোৱাৰ পাছতেই চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। বৰ্তমান চিবিআইৰ জিম্মাত আছে কেজৰিৱাল। আনহাতে আপৰ কেইবাগৰাকী নেতাৰ লগতে দিল্লীৰ প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী মনিষ ছি’চদিয়া আছে বৰ্তমান জেলত ।

লগতে পঢ়কঃ BMW Incident In Mumbai : BMW ঘটনা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক