Local, Vocal, Global

Watch | Response of MP Gaurav Gogoi to the controversy regarding the Prime Minister’s first visit to Pakistan : প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণক লৈ হোৱা বিৰ্তকৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ

নিউজ ডেস্ক : কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগক লৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আছে । এইবাৰ মুখ্যমন্ত্ৰীৰ আন এক ভয়ংকৰ অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীৰ মতে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ নিমন্ত্ৰণত গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিছিল । কেৱল এয়াই নহয় গৌৰৱ গগৈয়ে পাকিস্তানত প্ৰশিক্ষণ ল’বলৈ গৈছিল বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে আৰু তাৰপাছত অৱশেষত মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ।প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণক লৈ হোৱা বিৰ্তকৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ।

অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৰাজ্য চৰকাৰক চেলেঞ্জ কৰি কয়-, ১০ ছেপ্টেম্বৰৰ ভিতৰত দুটা বিশেষ অনুসন্ধান টীম (SIT)গঠন কৰিবলৈ দাবী কৰে। এটা তেওঁৰ ওপৰতে অভিযোগবোৰৰ তদন্ত কৰিবলৈ আৰু অন্যটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতীত কার্যসমূহ আৰু ধন-সম্পত্তিৰ তদন্ত কৰিবলৈ।

আনহাতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ মিছা হয় তেন্তে হিমন্ত বিশ্ব ৰ্শমাই নিজৰ পদ মুখ্যমন্ত্ৰী এৰিব এই মন্তব্য প্ৰত্যুত্তৰ হিচাপে সাংসদ গৌৰৱ গগৈয়ে কয় ‘তেওঁ ২০০৯ চনৰ এটা বিতৰ্ক পুনৰুজ্জীৱিত কৰিছে, য’ত তেওঁ দাবী কৰিছিল যে শৰ্মাই প্ৰতিজ্ঞা কৰি আছিল যে কংগ্ৰেছ নেতা মাধৱ ৰাজবংশী যদি নিৰ্বাচন হৰুৱাই তেন্তে তেওঁ পদত্যাগ কৰিব ,এনে প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব ৰ্শমাই পূৰ্বেও কৰি আহিছে কেতিয়াও যি পূৰ্ণ নহয় ।