Local, Vocal, Global

Reshuffle in Nagaon Police : নগাঁও আৰক্ষীৰ পুনৰ ৰদ বদল

নিউজ ডেস্ক , ৩১ মে’ : নগাঁও আৰক্ষীৰ পুনৰ ৰদ বদল (Reshuffle in Assam Police) । নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ পাছৰে পৰা নগাঁও আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ পৰা কনিষ্টবললৈ ধাৰাবাহিকভাৱে ৰদ-বদল কৰা হৈছে । পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ বদলিৰ পিছত নতুনকৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া নৱনীত মহন্তই নগাঁৱক অপৰাধ মুক্ত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ (SP Nabaneet Mahanta) ।

নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই দায়িত্ব লোৱাৰ পাছতে জিলাখনৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ মাজত ব্যাপক ৰদবদল কৰা হৈছে । শেহতীয়াকৈ তেওঁ জিলাখনৰ কেইবাখনো আৰক্ষী থানাৰ কৰ্তব্যৰত ভাৰপ্ৰাপ্ত বিষয়াসকলৰ মাজত ৰদবদল কৰিছে ।

উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাক কামপুৰ আৰক্ষী থানালৈ বদলি কৰা হৈছে । কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিৰাম কলিতাক ৰহা আৰক্ষী থানালৈ বদলি কৰা হৈছে ।

একেদৰে উলুৱনীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈক খাটোৱাল আৰক্ষী থানালৈ বদলি কৰা হৈছে । ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাক জাজৰি আৰক্ষী থানালৈ বদলি কৰা হৈছে। আনহাতে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক বদলি কৰা হৈছে উলুৱনি আৰক্ষী থানালৈ । কচুৱা আৰক্ষী থানালৈ বদলি কৰা হৈছে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইছাদক।

আনফালে ধিং আৰক্ষী থানালৈ বদলি কৰা হৈছে চামগুৰিৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োক । ননৈৰ IC বিভূতি থাপাক বদলি কৰা হৈছে মৰিকলঙলৈ । চামগুৰিৰ OC অদিথ বড়োক ধিং থানালৈ বদলি কৰা হৈছে । বাগৰিৰ IC অজিত সোণোৱালক বদলি কৰা হৈছে ইটাচালিলৈ। জুৰীয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিক বদলি কৰা হৈছে জখলবন্ধা আৰক্ষী থানালৈ।

আনহাতে বেবেজিয়াৰ আই চি চিৰঞ্জীৱ লাহনক বাগৰি আৰক্ষী থানালৈ বদলি। ৰূপহীহাট থানাৰ IC ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ বদলি। আনহাতে লাওখোৱা চাপৰিৰ ভাৰপ্ৰাপ্ত বিষয়া মিতু দাসক জুৰীয়া থানালৈ বদলি কৰা হৈছে।

উল্লেখ্য যে, ১৫ মে’ত এক ৰহস্যজনক পথ দুর্ঘটনাত নগাঁৱৰ জখলাবন্ধাত নিহত হৈছিল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা (Junmoni Rabha mysterious death) । SI জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ।

লগতে পঢ়ক : Junmoni Rabha death case : কলিয়াবৰ চিকিৎসালয়ত নাই জোনমণিক ভৰ্তি কৰোৱাৰ কোনো তথ্য